NORTHEAST NOW (Assamese)

নিৰ্বাচনৰ সময়ত অবৈধ সুৰাৰ প্ৰচলন নিয়ন্ত্ৰন কৰিবলৈ আবকাৰী বিভাগে গঠন কৰিছে ফ্লায়িং স্কোৱাড

March 26, 2019 1:25 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অবৈধ সুৰাৰ বেহা ৰোধ কৰাৰ উদ্দেশ্যে আবকাৰী বিভাগে ফ্লায়িং স্কোৱাড গঠনকে ধৰি গ্ৰহণ কৰিছে কেতবোৰ বিশেষ ব্যৱস্থা। নিৰ্বাচনৰ সময়ত যাতে ৰাজ্যখনত সুৰাৰ অবৈধ প্ৰচলন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা পৰ্যায়ত এনফ’ৰ্চমেণ্ট স্কোৱাড গঠন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।

আনহাতে আবকাৰী আইন উলংঘনৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰচাৰ চলোৱাৰ বাবে এটা কেন্দ্ৰীয় এনফ’ৰ্চমেণ্ট স্কোৱাডো গঠন কৰিছে। তদপৰি যদিহে অবৈধ সুৰা সম্বন্ধে ৰাইজৰ ওচৰত কিবা তথ্য থাকে তাৰ সবিশেষ ১৮০০৩৪৫৩৫৪৫ ট’ল ফ্ৰী নম্বৰ তথা ৯৪৩৫০৫২৩৮১ হোৱাটছএপ নম্বৰৰ জৰিয়তে জনাব পাৰিব বুলিও জনায়।

উল্লেখ্য যে নিৰ্বাচনৰ সময়ত অবৈধ সুৰাৰ প্ৰচলন, উৎপাদন, মজুতকৰণ তথা আবকাৰী আইন যাতে উলংঘন নহয় তাৰ বাবে জিলা আবকাৰী অধীক্ষকসকলক সতৰ্ক হৈ থকাৰ লগতে নিয়মীয়াকৈ তালাচী অভিযান চলাই যাবলৈ নিৰ্দেশ দিছে।

আনহাতে আন্তঃৰাষ্ট্ৰীয় সিমান্তৱৰ্তী অঞ্চলসমূহকে ধৰি ভিতৰুৱা আৰু স্পৰ্শকাতৰ অঞ্চলসমূহত টহল দিয়াৰ বাবে জিলা পৰ্যায়তো ফ্লায়িং স্কোৱাড গঠনৰ নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ উপৰি নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া ঠাইত সুৰা বিক্ৰী বন্ধ, আই এম এফ এল-বীয়েৰ আৰু দেশী সুৰাৰ ফেক্টৰি, পাইকাৰী ৱেৰহাউছ, খুচুৰা বিপণীৰ বিক্ৰী, অ’পেনিং ষ্টক আৰু ক্ল’জিং ষ্টকৰ হিচাপ ৰখাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।

উল্লেখ্য যে নিৰ্বাচনী আচৰণবিধি প্ৰযোজ্য হোৱাৰ পাছত ৰাজ্যখনত আৰক্ষী আৰু আবকাৰী বিভাগে এই পৰ্যন্ত ২৫,২৬৩ লিটাৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।

Related News