এইবাৰ জাগিছে কটনিয়ান, জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জন

জাতিৰ সংকটৰ বাবে অসম আন্দোলনৰ সূচনাৰ দিশে অসমীয়া

Student-Protest-Cotton-University

যোৱা মে মাহত কটনিয়ানে ৰূপায়ণ কৰা প্ৰতিবাদ কাৰ্য্যসূচীৰ এটা দৃশ্য। ফাইল ফটো।

জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে এইবাৰ জাগিছে কটনিয়ানসকল। নাগৰিকত্ব সংশোধনী বিধেয়কখন গ্ৰহণৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অসমক পুনৰ অসম আন্দোলনৰ দিশত ঠেলি দিবলৈ ওলোৱা বুলি বহুতেই শংকা প্ৰকাশ কৰাৰ সময়তে ঐতিহ্যমণ্ডিত কটন কলেজৰ ছাত্ৰ সমাজে এই বিধেয়কৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জনৰ কাৰ্য্যসূচী লৈছে।

বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে ৯ জানুৱাৰিৰ পৰা, অৰ্থাৎ বুধবাৰৰ পৰা অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জন কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই। ৮ জানুৱাৰিত সদৌ অসম ছাত্ৰ সন্থাৰ অসম বন্ধৰ পাছতে কটনিয়ানসকলৰ এই কাৰ্য্যসূচীয়ে আন্দোনলটোক অন্য মাত্ৰ দিব পাৰে।

উল্লেখ্য যে, অসম আন্দোলনৰ সময়ত কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ  বাকৰিৰ পৰাই আৰম্ভ হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ ৰণহুংকাৰ। ছাত্ৰ সমাজ আন্দোলনত নামি পৰিছিল অসমীয়াক বিদেশীৰ আগ্ৰাসনৰ পৰা বচোৱাৰ দাবীত। ছাত্ৰ-ছাত্ৰীসকলে সেই সময়ছোৱাত শ্ৰেণী বৰ্জন কৰি আন্দোলন প্ৰতিবাদত নামি পৰিছিল। সেই দিশৰেই ধাৱমান হ’ব খুজিছে নেকি সাম্প্ৰতিক সময়ৰ অসমৰ পৰিস্থিতি? সচেতন মহলত এতিয়া এই প্ৰশ্নই চৰ্চিত হৈছে।

৮ জানুৱাৰিত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিজ্ঞপ্তিত কটন মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয় যে জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰে শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰৱৰ্তন কৰি জাতিটোক ধ্বংসৰ বাবে যি প্ৰস্তুতি চলাইছে, ইয়াক কটন মহাবিদ্যালয় ছাত্ৰ একতা সভাই তীব্ৰ বিৰোধিতা কৰিছে।

বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি সাধাৰণ সম্পাদকজনে কাইলৈৰ পৰা কাৰ্য্যকৰী হোৱাকৈ অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে ইতিমধ্যে বিতৰ্কিত বিধেয়কখন সন্দৰ্ভত কটন বিশ্ববিদ্যালয়  ছাত্ৰ একতা সভাই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে মহাবিদ্যালয়সমূহৰ ছাত্ৰ প্ৰতিনিধিসমূহৰ লগত প্ৰত্যক্ষ আলোচনাত মিলিত হৈছে।

পৰৱৰ্তী সময়ত কটন বিশ্ববিদ্যালয়ৰ নেতৃত্বত সমগ্ৰ অসমৰ ছাত্ৰসমাজে  ঐক্যবদ্ধভাৱে যুঁজ দিব বুলিও সম্পাদকজনে জানিবলৈ দিয়ে।

উক্ত প্ৰেছ বিবৃতিৰ জৰিয়তে সাধাৰণ সম্পাদকজনে কটনিয়ানসকলক শ্ৰেণীবৰ্জন কাৰ্য্যসূচী ৰূপায়ণ কৰিবৰ বাবে আহ্বান জনায়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ৭ জানুৱাৰিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজেও বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।