• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যসভাত কৃষি আইনৰ সংশোধনৰ সমৰ্থনত প্ৰধানমন্ত্ৰী মোদীৰ মুখত প্ৰাঃ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ উক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2021 4:41 pm
860739-70204-kzsnhpygkf-1510043510
360
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে তেওঁৰ ৰাজ্যসভাৰ ভাষণত কৃষি আইনৰ সংশোধনৰ সমৰ্থনত প্ৰসংগক্ৰমে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে পূৰ্বে আগবঢ়াই যোৱা এটা বক্তব্যক উল্লেখ কৰে।

“মই প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ এটা বক্তব্য দোহাৰিব বিচাৰিছো, যদিও বিৰোধীয়ে হয়তো গুৰুত্ব নিদিবও পাৰে, কিন্তু মনমোহন সিঙে কৈ যোৱা কথাটো হয়তো গুৰুত্ব দিব।’ বুলি কৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত নিজৰ ভাষণ আৰম্ভ কৰে।

‘প্ৰচলিত বজাৰ ব্যৱস্থা ত্ৰিশৰ দশকতে গঠন হোৱা বাবে আন কিছু সমস্যাও আছে, যি আমাৰ কৃষকসকলক তেওঁলোকৰ উৎপাদনসমূহ উচিত মূল্যত বিক্ৰী কৰাত বাধা প্ৰদান কৰে। আমাৰ উদ্দেশ্য হৈছে সকলো প্ৰতিবন্ধকতাক দূৰ কৰা, যি সময়ত ভাৰতে এখন উমৈহতীয়া বজাৰৰ বিশাল সম্ভাৱনাক অনুধাৱন কৰিছে।’ মনমোহন সিঙে কৈছিল। কিন্তু এতিয়া কংগ্ৰেছে সম্পূৰ্ণ উলোটা খৰ মাৰিছে।” প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যসভাত বিৰোধীক কটাক্ষ কৰি কয়।

“কৃষকসকলে প্ৰতিবাদ কৰিবৰ বাবে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ আছে। কিন্তু মই এই সদনৰ পৰা পুনৰ কওঁ যে অদ্যপি কোনো পথ বন্ধ হোৱা নাই। কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তমাৰে কৃষকসকলৰ স’তে আলোচনা অব্যাহত ৰাখিছে।” প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।

ন্যূনতম নিৰ্ধাৰিত সমৰ্থন মূল্য সম্পৰ্কে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “এই ব্যৱস্থাটো সদায় প্ৰচলিত থাকিব, যিদৰে আছে আৰু পূৰ্বেও চলি আহিছে। আমি এই বিষয়ে ভুল তথ্য বিয়পোৱা অনুচিত।”

“দেশখন আগুৱাই যোৱা উচিত, পাচলে নহয়,’’ কৃষি আইনসমূহৰ সংশোধনৰ সমৰ্থনত প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ এইদৰে কয়।

তেওঁ লগতে ৰাজ্যসভাৰ মজিয়াত কয় যে ক্ষুদ্ৰ কৃষকসকলৰ সমস্যাসমূহ প্ৰতিখন চৰকাৰে উত্থাপন কৰি আহিছে, বাস্তৱক্ষেত্ৰত সেয়া কাৰ্যকৰী হওক বা নহওক।

Recent News

অনুসূচিত জনজাতিৰ স্বীকৃতি আৰু ভূমিৰ অধিকাৰৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ কোকৰাঝাৰত বিশাল প্ৰতিবাদ

অনুসূচিত জনজাতিৰ স্বীকৃতি আৰু ভূমিৰ অধিকাৰৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ কোকৰাঝাৰত বিশাল প্ৰতিবাদ

চলিত বছৰৰ এপ্ৰিল-জুন মাহত ১৫,৮৫১ কোটি টকাৰ কৰ ফাঁকি ৩,৫৫৮ টা অস্তিত্বহীন সংস্থাৰ

চলিত বছৰৰ এপ্ৰিল-জুন মাহত ১৫,৮৫১ কোটি টকাৰ কৰ ফাঁকি ৩,৫৫৮ টা অস্তিত্বহীন সংস্থাৰ

হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হৈছে দক্ষিণ গাৰো পাহাৰত! দৈনিক হাতীৰ আক্ৰমণৰ সন্মুখীন গাওঁবাসী

হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হৈছে দক্ষিণ গাৰো পাহাৰত! দৈনিক হাতীৰ আক্ৰমণৰ সন্মুখীন গাওঁবাসী

ৰাষ্ট্ৰীয় মহাসংঘ মানৱাধিকাৰ পৰিষদৰ ৰাষ্ট্ৰীয় জ্যেষ্ঠ উপসভাপতিৰ দায়িত্ব ড০ দিব্যজ্যোতি শইকীয়াক

ৰাষ্ট্ৰীয় মহাসংঘ মানৱাধিকাৰ পৰিষদৰ ৰাষ্ট্ৰীয় জ্যেষ্ঠ উপসভাপতিৰ দায়িত্ব ড০ দিব্যজ্যোতি শইকীয়াক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd