NORTHEAST NOW (Assamese)

অর্থনৈতিক কৰিড’ৰ গঢ়ি তোলাৰ বাবে আগ্ৰহী  ইউৰোপীয়ান ইউনিয়ন! দুদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতত উপস্থিত সংস্থাটোৰ মুৰব্বী

February 28, 2025 8:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 28, 2025 7:46 pm

আমেৰিকাৰ ৰাষ্ট্ৰপতি নাল্ড ট্ৰামপে  শাসনভাৰ হাতত লৈয়ে ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ বাবে হেঁচা দিয়াৰ দৰে, এইবাৰ ইউৰোপীয়ান ইউনিয়নেও  শুল্ক হ্ৰাস কৰাৰ বাবে প্ত্যক্ষ সতৰ্কবাণী দিয়া নাই যদিও ভাৰতৰ ওপৰত ক্ৰমান্বয়ে শুল্ক হ্ৰাস কৰাৰ হেঁচা বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে। এনে পৰিস্থিতিতে ইউৰোপীয়ান ইউনিয়নৰ মুৰব্বী উৰ্চুলা ভন ডেৰ লেয়েনে দুদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতত উপস্থিত হৈছে। দ্বিতীয় দিনা দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি এক বৈঠকত মিলিত হয়

মোদীৰ সৈতে হোৱা বৈঠকৰ অন্তত উৰ্চুলাই কয় যে আমি ভাৰতইউৰোপীয়ান ইউনিয়নৰ সম্পৰ্কক নতুন উচ্চতালৈ লৈ যাব বিচাৰোঁ ভাৰত ইউৰোপীয়ান ইউনিয়নৰ বাবে এক বিশ্বাসযোগ্য বন্ধু আৰু কৌশলগত অংশীদাৰ বুলি উল্লেখ কৰি ইইউৰ সভাপতিগৰাকীয়ে কয় যে ভাৰতপশ্চিম এছিয়াইউৰোপৰ অৰ্থনৈতিক কৰিডৰ (আই এন চি) প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে সামঞ্জস্যপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা ব। আৰু কৰিডৰটো নিৰ্মাণ লে  বিশ্বৰ বাণিজ্যিক মানচিত্ৰত বৃহৎ পৰিৱৰ্তন আহিব বুলিও তেওঁ দাবী কৰে

উল্লেখ্য যে  ভাৰত আৰু ইউৰোপীয়ান ইউনিয়নৰ মাজত ১০ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ ব্ৰাছেলছত বাণিজ্যিক বৈঠক অনুষ্ঠিত তাৰ আগতে উৰ্চুলাৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে গাড়ী, সুৰাকে ধৰি বিভিন্ন সামগ্ৰীৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰিবলৈ দিল্লীৰ ওপৰত হেঁচা বৃদ্ধি কৰা।

ভাৰতেও নিজ চৰ্ত অনুসৰি ইউৰোপীয়ান ইউনিয়্নৰ সদস্য ৰাষ্ট্ৰসমূহলৈ ৰপ্তানি বৃদ্ধিৰ সুযোগ বিচাৰি আছে শুকুৰবাৰে মোডীক সাক্ষাৎ কৰি উৰ্চুলাই কয় যে চলিত বৰ্ষৰ শেষৰ ফালে দ্বিপাক্ষিক মুক্ত বাণিজ্য চুক্তি (এফ টি ) স্বাক্ষৰিত বুলি মত প্ৰকাশ কৰে আনহাতে, যৌথ সংবাদমেলত মোদীয়ে কয় যে বিনিয়োগ সুৰক্ষা চুক্তিৰ লগতে ভৌগোলিক বাণিজ্যিক মানচিত্ৰত সহযোগিতা বৃদ্ধিৰ বাবেও দুয়োপক্ষ আলোচনাৰ বাবে আগ্ৰহী।

Related News