বিজেপিক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছেও ত্যাগ কৰিব লাগিব : বদৰুদ্দিন আজমল

কলগাছিয়াৰ বিশাল জনসভাত বদৰুদ্দিন আজমল

‘বিজেপিক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছেও ত্যাগ কৰিব লাগিব।’ বুধবাৰে ৬ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত কলগাছিয়াত এখন জনসভাত ভাষণ দি এই মন্তব্য কৰে এ আই য়ু ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে।

২৩ এপ্ৰিলত হ’বলগীয়া তৃতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কালি কলগাছিয়াত অনুষ্ঠিত বিশাল জনসভাত আজমলে কৰা এনে মন্তব্যই ৰাজ্যত কংগ্ৰেছৰ সৈতে এ আই য়ু ডি এফৰ মিত্ৰতাৰ ইংগিত দিয়া বুলি একাংশৰ মাজত চৰ্চা চলিছে।

আনকি এ আই য়ু ডি এফৰ মুৰব্বী গৰাকীয়ে লগতে এইবুলিও কয় যে কংগ্ৰেছ দলে বিজেপিৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিৱৰ্তে এ আই য়ু ডি এফৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিলে বিজেপিক হে সহায় কৰা হ’ব।

তেওঁ লগতে কয়, ‘নৰেন্দ্ৰ মোদীক বিদায় দিয়াৰ বাবে দেশবাসীয়ে অপেক্ষা কৰি আছে’ ৷ বিজেপিয়ে যোৱা পাঁচ বছৰত ভাৰতবৰ্ষক বহুত পিছুৱাই নিয়া বুলিও মন্তব্য কৰে আজমলে।