ভাষা প্রযুক্তিৰ আলোচনা সত্ৰৰে গাম্ভীৰ্যপূৰ্ণ অসম প্ৰকাশন পৰিষদৰ গুৱাহাটী গ্ৰন্থমেলা

'সুৱদীসুৰীয়া অসমীয়া ভাষাৰ গৰিমা-বৈভৱ পৃথিৱীৰ ভিতৰতে অনন্য'

index.jpga

অসমীয়া ভাষাৰ বৈভৱৰ বিষয়ে চিন্তাগধুৰ গুৰুত্বপূৰ্ণ আলোচনাই আজি অসম প্রকাশন পৰিষদৰ গুৱাহাটী গ্ৰন্থমেলাক নতুন মাত্ৰা প্ৰদান কৰে।

ভাষাচাৰ্য ডঃ গোলোকচন্দ্ৰ গোস্বামী সোঁৱৰণী ‘অসমীয়া ভাষা বৈভৱ’ শীৰ্ষক দুটা ভাগত হোৱা এই আলোচন| সত্ৰত ৰাজ্যখনৰ কেবাগৰাকী ভাষাতত্ববিদ, পণ্ডিত-গৱেষক, বিদ্বৎ ব্যক্তিয়ে অংশগ্ৰহণ কৰি সুৱদীসুৰীয়া অসমীয়া ভাষাৰ গৰিমা আৰু বৈভৱ পৃথিৱীৰ ভিতৰতে অনন্য তথা লেখত ল’বলগীয়া বুলি ঘোষণা কৰে।

গ্ৰন্থমেলাৰ বেণু মিশ্ৰ সোৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই আলোচন সত্ৰৰ ‘ভাষাবিজ্ঞান আৰু অসমীয়া ভাষা-প্রযুক্তি’ শীৰ্ষক প্রথম আলোচনা সত্ৰ উদ্বোধন কৰি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ  দীপক কুমাৰ শৰ্মাই বৈভৱশালী বুলি উল্লেখ কৰি অসমীয়া ভাষাৰ অমৰত্বৰ ক্ষেত্ৰত সংশয়ৰ প্রশ্ন নাই বুলি কয়।

তেওঁ লগতে অসমীয়া ভাষা-সাহিত্যৰ প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব ডঃ মহেশ্বৰ নেওগৰ উদ্ধৃতিৰে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত সংস্কৃত ব্যাকৰণ অধ্যয়নৰ প্রয়োজনীয়তা অনস্বীকাৰ্য বুলি কয়।

আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট ভাষা-প্রযুক্তিবিদ ডঃ  উৎপল শৰ্মাই। তেওঁ স্পষ্ট কৰি দিয়ে যে সকলো ভাষাৰ আধাৰ হৈছে কথিত ভাষা। কথিত ভাষাৰ পৰাই ক্ৰমশঃ এটা মান্য ভাষাই সমৃদ্ধি লাভ কৰে।

আলোচক অতিথি হিচাপে অংশগ্ৰহণ কৰি কম্পিউটাৰ প্রযুক্তিবিদ গুণদীপ চেতিয়াই প্রযুক্তিৰ লগত তাল মিলাই আগ বাঢ়িব নোৱাৰিলে ভাষাৰ বিলুপ্তিৰ সম্ভাৱন| থকা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে কম্পিউটাৰত ভাষা উচ্চাৰণৰ ক্ষেত্ৰত প্রশিক্ষণৰ থল আছে। ইয়াৰ গৱেষণ| হৈ আছে যদিও এয়া দুৰূহ৷

একেদৰে লেখক-ভাষাবিদ ডঃ ভাস্কৰজ্যোতি শৰ্মাই অসমীয়া ভাষা ভালদৰে বুজিবলৈ আৰু শুদ্ধভাৱে লিখিবলৈ ডঃ গোলোকচন্দ্ৰ গোস্বামীৰ আটাইকেইখন কিতাপ পঢ়া অত্যন্ত জৰুৰী বুলি উল্লেখ কৰি কয়- ‘ভাষা আৰু প্রযুক্তিৰ মাজত এতিয়াও ডাঙৰ দূৰত্ব আছে। ভাষাবিজ্ঞান আৰু প্রযুক্তিৰ মাজত যিমানে সংযোগ-সম্পৰ্ক স্থাপন কৰিব পৰা যাব সিমানেই ভাষা-প্রযুক্তি সফলতাৰ দিশত আগুৱাব।

এগৰাকী লেখক-ভাষাবিদ ডঃ লক্ষী হাজৰিকায়ো ভাষা-প্রযুক্তিৰ চৰ্চা আৰু প্রয়োগ এই সময়ৰ দাবী বুলি উল্লেখ কৰে।

‘ভাষা বৈজ্ঞানিক অধ্যয়ন, অভিধান, ব্যাকৰণ আৰু আনুষংগিক বিষয়’ শীৰ্ষক দ্বিতীয় আলোচনা সত্ৰ সঞ্চালনা কৰে বিশিষ্ট লেখক, অভিধান প্রণেতা সুমন্ত চলিহাই।

সত্ৰখনত এই ভাগত আলোচক অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখক-গৱেষক ডঃ উপেন ৰাভা হাকাচামে কয় হেমিল্টনৰ “১০ টা ভাষাৰ অভিধানখনৰ বিষয়ে উল্লেখ কৰে। ‘আমাৰ ভাষাৰ পৰিভাষা আৰু বান্যনৰ ক্ষেত্ৰত বহুত খাম-খেয়ালি আছে। এয়া নোহোৱা কৰিব লাগিব। বিভিন্ন ভাষাৰ বিভিন্ন সুন্দৰ শুৱলা আৰু সৰ্বগ্ৰহণযোগ্য শব্দ আছে। এইবোৰৰ প্রত্যেকেই প্রত্যেকক সমৰ্থন কৰিলে ভাষাই সমৃদ্ধি লাভ কৰিব।”

আন এগৰাকী অতিথি আলোচক, বিশিষ্ট লেখক-ভাষাবিদ ডঃ দীপ্তি ফুকন পাটগিৰিয়ে ডঃ গোলোকচন্দ্ৰ গোস্বামীৰ প্ৰজ্ঞাৰ সাধনাক শ্ৰদ্ধাৰে স্মৰণ কৰি কয় যে তেওঁ ভাষাক ভালপোৱা স্বদেশানুৰাগী ব্যক্তি আছিল। লগতে তেওঁৰ বিজ্ঞানসন্মত অধ্যয়ন সন্দৰ্ভতো ব্যাখ্যা আগ বঢ়াই ডঃ পাটগিৰিয়ে কয়— ‘অভিধান নোহোৱাকৈ এটা ভাষাই স্থায়িত্ব লাভ কৰিব নোৱাৰে। ব্যাকৰণ যদিও কঠোৰ ই বৰ ৰসাল আৰু মধুৰ।’

আন এগৰাকী আলোচক অতিথি বিশিষ্ট লেখক-ভাষাবিদ ডঃ দিলীপ ৰাজবংশীয়ে ভাষা মানুহৰ মহত্তম উপাদান বুলি উল্লেখ কৰি আধুনিক ভাষা-বিজ্ঞানে কথিত ভাষাক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে বুলি কয়।

ইপিনে আজি গুৱাহাটী গ্রন্থমেলাৰ সপ্তম দিনা প্রকাশন পৰিষদৰ অস্থায়ী কাৰ্যালয়ৰ সভাকক্ষত উন্মোচিত হয় প্রকাশৰ নিৰ্বাচিত গল্প৷ বিশিষ্ট উপন্যাসিক জয়ন্ত মাধৱ বৰা আৰু ‘প্রকাশ’ৰ সম্পাদক মিহিৰ দেউৰীয়ে সম্পাদনা কৰ| এই নিৰ্বাচিত গল্প সংকলনটি উন্মোচন কৰে ডঃ দীপ্তি ফুকন পাটগিৰিয়ে।

ইপিনে আজি গ্রন্থমেলাৰ গগনচন্দ্ৰ অধিকাৰী সভাগৃহত ‘বিন্দু সাহিত্য সন্মান’ প্রদান কৰে বিশিষ্ট উপন্যাসিক-লেখিকা ডাঃ নীলাক্ষি চলিহা গগৈক।

আনহাতে গ্ৰন্থমেলাৰ মূল মঞ্চত উন্মোচিত হয় ডাঃ গকুল বৰাৰ গ্ৰন্থ ‘লাই হালে জালে’ বিশিষ্ত শিশু সাহিত্যিক বন্দিতা ফুকনে উন্মোচন কৰা এই অনুষ্ঠানত সাংসদ অজিত কুমাৰ ভূঞা, বিশিষ্ট শিক্ষাবিদ-অধ্যাপক সপোন দুৱৰাকে ধৰি কেবাগৰাকী বিশিষ্ট, ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে আজিও গ্ৰন্থ বিক্ৰীৰ হাৰ সন্তোষজনক বুলি প্ৰকাশকসকলে জানিবলৈ দিছে। অসম প্রকাশন পৰিষদৰ বিপণীত আজিও ‘হীৰেন ভট্টাচাৰ্য ৰচনাৱলী’ৰ চাহিদাই অধিক প্রতিফলিত হয়।