NORTHEAST NOW (Assamese)

আত্মবিশ্বাসী ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলটোৱে আজি পৰিদৰ্শন কৰিব কামাখ্যা আৰু পবিতৰা

March 5, 2019 10:57 am · এন ই নাও নিউজ
ইংলেণ্ডৰ মহিলা দলটোৱে বৰ্ষাপাৰাত অনুশীলন চলাই থকাৰ ফাইল ফটো। ফটো : য়ু বি

গুৱাহাটীত ভাৰত আৰু ইংলেণ্ডৰ মহিলাৰ দলৰ মাজত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় টি-২০ শৃংখলাৰ প্ৰথমখন মেচত সোমবাৰে ভাৰতক পৰাস্ত কৰি উৎফুল্লিত হৈ থকা ইংলেণ্ডৰ দলটোৱে আজি অনুশীলনৰ বিপৰীতে ব্যস্ত থাকিব ভ্ৰমণত।

গুৱাহাটীত বাহৰ পাতি থকা আলহী দলটোৰ খেলুৱৈ তথা আন আন সদস্যসকলে কিছু পৰিমানে শাৰিৰীক আৰু মানসিক অৱসাদ দূৰ কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ লগতে দাতিকাষৰীয়া অঞ্চল ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে।

ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলটোৱে প্ৰথমে নীলাচল পাহাৰস্থিত কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছতে দলটোৱে পৰিদৰ্শন কৰিব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ তথা এটা খৰ্গযুক্ত গঁড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্য।

জানিব পৰা অনুসৰি ইতিমধ্যে ইংলেণ্ডৰ দলটোক আদৰিবলৈ সাজু হৈ আছে অভয়াৰণ্য কৰ্তৃপক্ষ।

উল্লেখ্য যে গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হৈ থকা ৩খনীয়া টি-২০ শৃংখলাত ইতিমধ্যে ১-০ৰ অগ্ৰগতি লৈছে ইংলেণ্ড দলে। শৃংখলাটোৰ বাকী থকা মেচ দুখন অহা ৭ আৰু ৯ মাৰ্চত অনুষ্ঠিত হ’ব।

Related News