আজি মানৱ অধিকাৰ দিৱস; পদে পদে মানৱ অধিকাৰ উলংঘনত উদ্বিগ্ন মানৱ অধিকাৰ কৰ্মী

Representative Image

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতি বছৰে ১০ ডিচেম্বৰৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। মানৱ অধিকাৰক স্বীকৃতি দিয়া তথা শক্তিশালী কৰি তোলাৰ উদ্দেশ্যৰে পালন কৰা হয় এই মানৱ অধিকাৰ দিৱস।

প্ৰকৃততে ই অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, সাংস্কৃতিক অধিকাৰ আৰু নাগৰিক তথা ৰাজনৈতিক অধিকাৰক সামৰি লয়।

ভাৰতত ১৯৯৩চনৰ ২৮ ছেপ্টেম্বৰত মানৱ অধিকাৰ আইন পালিত কৰা হয়। তাৰ পাছতে ভাৰত চৰকাৰে ১৯৯৩ চনৰ অক্টোবৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰে।

ভাৰতত শেহতীয়াকৈ মানৱ অধিকাৰ উলংঘনৰ ঘটনা অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে। মহিলাৰ ওপৰত নিৰ্যাতন, নিৰীহ লোকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনকে আদি কৰি সামাজিক ক্ষেত্ৰত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ প্ৰভাৱতো বহুলোক নিৰ্যাতনৰ সন্মুখীন হৈছে।

অসমতো বিভিন্ন সময়ত মানৱ অধিকাৰ উলংঘনৰ ঘটনা সংঘটিত হৈছে। সমাজৰ বিভিন্ন স্তৰত সংঘটিত হৈ থকা মানৱ অধিকাৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ সফল হোৱা নাই।

এই সন্দৰ্ভত মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই কয়,’’অসমত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ নামত ব্যাপক মানৱ অধিকাৰ উলংঘন  হৈ আছে। ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলসমূহত বিজ্ঞান মনস্কতা গঢ়ি তোলা আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি তোলাৰ অত্যন্ত প্ৰয়োজন আছে।‘’

‘’শিক্ষাৰ অধিকাৰ, স্বাস্থ্যসেৱাকে ধৰি জনসাধাৰণক বুনিয়াদী সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ বহু কৰণীয় আছে যদিও এইক্ষেত্ৰত চৰকাৰে প্ৰাথমিকতা প্ৰদান কৰা নাই,’’-শইকীয়াই কয়।

মানৱ অধিকাৰ কৰ্মী গৰাকীয়ে লগতে কয়,’’বহু সময়ত চৰকাৰী পক্ষৰ কিছু প্ৰভাৱশালী ব্যক্তিয়ে জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰে। এনে শিক্ষিত ব্যক্তি কিছুমানেই ৰাইজক প্ৰৰোচিত কৰি বিপথে পৰিচালিত কৰা দেখা যায়। কেতিয়াবা এনে ব্যক্তিৰ প্ৰৰোচনাতে বহু অপৰাধমূলক ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থাকে।‘’

অসমত মানৱ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যথেষ্ট গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি সদৰী কৰি শইকীয়াই বৰ্তমান সমাজখনত দেখা দিয়া অসহিষ্ণুতাৰ বাবেও উদ্বিগ্নতা প্ৰকাশ কৰে।