আজি কালী পূজা: আইন-শৃংখলা অটুত ৰখাৰ বাবে জিলা প্ৰশাসনৰ ব্যৱস্থাপনা

আজি কালী পূজা।কালী পূজাৰ সৈতে সংগতি ৰাখি  উদযাপন কৰা হ’ব পোহৰৰ উৎসৱ দীপাৱলী।

ৰং-বিৰঙী আলোকসজ্জাৰে আলোকিত হৈ পৰিব সমগ্ৰ দেশৰ লগতে অসমৰো গাঁও-ভূঁই।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত জনতাই কেৱল গ্ৰীণ ক্ৰেকাৰ অৰ্থাৎ সেউঈয়া ফটকাহে ফুটাব পাৰিব।

প্ৰদূষণ ৰোধ কৰাৰ বাবেই উট্টতম ন্যায়ালয়ে কম প্ৰদূষণ সৃষ্টিকাৰী গ্ৰীণ ক্ৰেকাৰ ফুটোৱাৰ অনুমতি দিছে। দীপাৱলী উপলক্ষ্যে ৰাজ্যৰ জিলাই জিলাই ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

সেইমৰ্মে কালী পূজা, দীপাৱলী আৰু ষট্ পূজাৰ সময়ছোৱাত আইন-শৃংখলা পৰিস্থিতি অটুত ৰখাৰ বাবে বঙাইগাঁৱতো জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই জিলাখনত এলেকা অনুসৰি কাৰ্যবাহী দণ্ডাধীশ আৰু আৰক্ষী বিষয়াৰ হাতত দায়িত্ব অৰ্পন কৰিছে।

উত্তৰ শালমাৰা মহকুমা এলেকাত অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি পাৰ্থসাৰথী জহৰী আৰু মহকুমা আৰক্ষী বিষয়া, বঙাইগাঁও ৰাজহ চক্ৰ এলেকাত চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ ৰুণাভ ৰামছিয়াৰী আৰু বঙাইগাঁও আৰক্ষী থানাৰ আৰক্ষী বিষয়া, মাণিকপুৰ ৰাজহ চক্ৰ এলেকাত চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ ৰীতিমনি দাস আৰু মাণিকপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া, ডাংতল ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ জয়ন্ত চক্ৰৱৰ্তী আৰু বঙাইগাঁও থানাৰ আৰক্ষী বিষয়াই নিজৰ নিজৰ এলেকাসমূহত আইন-শৃংখলা পৰিস্থিতিত চোকা নজৰ ৰাখিব।

কাৰ্যবাহী দণ্ডাধীশসকলে বঙাইগাঁৱৰ জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকৰ লগত অহৰহ যোগাযোগ ৰাখিব আৰু নিজৰ দায়িত্ব পালন কৰিব। তদুপৰি কাৰ্যবাহী দণ্ডাধীশসকলে এইটোও নিশ্চিত কৰিব যে দুয়োটা পূজাৰ সময়ছোৱাত কেৱল সেউজীয়া ফটকাহে যেন ৰাইজে ব্যৱহাৰ কৰে।

প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড,বঙাইগাঁও কাৰ্যালয়ৰ তৰফৰ পৰা কাৰ্যবাহী দণ্ডাধীশ আৰু আৰক্ষী বিষয়াৰ দলত একোজন তেওঁলোকৰ বিষয়া নিয়োগ কৰিব।৷উক্ত নিৰ্দেশনা তৎকালীনভাৱে বলবৎ হ’ব আৰু পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব।

উল্লেখ্য যে ৪ নৱেম্বৰত কালী পূজা, ৫ নৱেম্বৰত দীপাৱলী আৰু ১০ নৱেম্বৰ আৰু ১১ নৱেম্বৰত ষট্ পূজা অনুষ্ঠিত হ’ব ৷