NORTHEAST NOW (Assamese)

শীতৰ আমেজত ভোগালীৰ উত্তাপ : পৰম্পৰা ৰক্ষা কৰি উৰুকাৰ বজাৰত ভিৰ অসমীয়াৰ

January 14, 2023 2:53 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 14, 2023 2:54 pm

আজি মাঘ বিহুৰ উৰুকা। ৰাজ্যৰ গাঁৱে-ভূঞেঁ, নগৰে-চহৰে ভোগালীৰ আনন্দ।  উৰুকাৰ দিনা নিশাৰ ভোজলৈ বুলি ৰাজ্যৰ বিভিন্ন বিল জলাশয় নদী আদিত চলিছে সামূহিক মৎস্য চিকাৰৰ পৰ্ব।

গাঁৱে গাঁৱে ডেকা-ডেকেৰী, বুঢ়া-বুঢ়ী সকলো ব্যস্ত উৰুকাৰ আয়োজনত। ঘৰে ঘৰে ঢেঁকীৰ শব্দ। পথাৰত ভেলাঘৰ সাজিছে ডেকাহঁতে। আখলত পিঠা পুৰাত ব্যস্ত জীয়ৰী-বোৱাৰী।

বজাৰত তেল, গুৰ, চিৰা, পিঠাৰ লগতে চাহিদা বাঢ়িছে ৰৌ-বৰালি, চিতল-ভকুৱাৰো। ৰাজ্যৰ সকলো বজাৰতে চলিছে মাছৰ দৰদাম। প্ৰতিখন বজাৰতে দেখা গৈছে বৃ্হৎ আকৃতিৰ বৰালি, চিতল, ৰৌ, বাহু আদি বিভিন্ন মাছ।

কেৱল মাছেই নহয়। মাছৰ লগতে বজাৰত দেখা গৈছে হাঁহ, ছাগলী গাহৰি মাংসও। উৰুকাৰ নিশা এসাঁজ দগৰী খোৱাৰ উদ্দেশ্যেৰে পুৱাই হাতত মোনা আৰু পকেটত টকা লৈ বজাৰলৈ ঢাপলি মেলি ঘৰৰ গৃ্হস্থ।

সামাজিক মাধ্যম তথা সংবাদ মাধ্যত বিয়পি ফুৰিছে বিভিন্ন ধৰণৰ মাছৰ দৃশ্য। এসাঁজ ভালকৈ খোৱাৰ লগতে ফুৰ্তিৰে জুইৰ কাষত তথা ভেলাঘৰত ৰং তামাছাৰে আজি উদযাপন কৰিব অসমীয়াৰ চেনেহৰ ভোগালী বিহুৰ উৰুকা।

Related News