আজি উপ-নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন, ভোটাৰক মুহিবলৈ প্ৰাৰ্থীৰ জোৰদাৰ প্ৰচাৰ

৩০ অক্টোবৰত অনুষ্ঠিত হবলগীয়া উপ- নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন।

অন্তিম দিনটোত উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচোটা সমষ্টিতে বিভিন্ন দলৰ প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান অধিক জোৰদাৰ কৰি তোলা পৰিলক্ষিত হয়।

এইবাৰৰ উপ–নিৰ্বাচনত ৫ টা সমষ্টিত সৰ্বমুঠ ৭,৯৬,৪৫৬ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩১জন প্ৰাৰ্থীৰ৷

এইসকল ভোটাৰৰ ভিতৰত ৪,০৩,৩৭৪জন পুৰুষ, ৩,১৩,০৭৮ গৰাকী মহিলা । লগতে চাৰিগৰাকী তৃতীয় লিংগৰ ভোটাৰো আছে৷ সমষ্টি কেইটাত ছাৰ্ভিচ ভোটাৰ আছে ৩,১৬৫ গৰাকী৷

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সৰ্বাধিক ভোটাৰ থকা সমষ্টিটো হ’ল তামুলপুৰ৷ তামুলপুৰ সমষ্টিৰ ভোটাৰৰ সংখ্যা হ’ল ২,১৭,৫৩২গৰাকী৷ সৰ্বনিম্ন ভোটাৰ থকা সমষ্টিটো হ’ল থাওৰা সমষ্টি৷ থাওৰা সমষ্টিত ভোটাৰৰ সংখ্যা ১,১৫,৯৭১ গৰাকী৷

উল্লেখ্য বিগত বৰ্ষৰ ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীত ৮ অক্টোবৰলৈ ভোটাৰ তালিকাত উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচ সমষ্টিত নতুনকৈ যোগ হোৱা ভোটাৰৰ সংখ্যা হৈছে ৪৩,২২৯ গৰাকী৷ পাঁচ সমষ্টিৰ উপ–নিৰ্বাচনত ৮০ বছৰৰ ঊৰ্ধ্বৰ ভোটাৰৰ সংখ্যা হ’ল ৮,৮৬৪ গৰাকী আৰু বিশেষভাৱে সক্ষম ভোটাৰৰ সংখ্যা হৈছে ৪,৯৯৮ গৰাকী৷

প্ৰচাৰৰ এই অন্তিম দিনটোত সকলো ৰাজনৈতিক দল ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। ব্যস্ততা দেখা গল ১০৭ নং থাওৰা বিধান সভা সমষ্টিতো।

চিপিআই দলৰ প্ৰাৰ্থী কৃষ্ণ গগৈয়ে বৃহৎ ৰেলীৰে ডিমৌত আজি অন্তিম দিনৰ প্ৰচাৰ চলায় ।

১০ বছৰ একেলগে আছিল থাওৰা উপ নিৰ্বাচনৰ দুই প্ৰাৰ্থী। একালৰ দুই সহপাঠী এতিয়া নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বী।
চিপিআইর প্ৰাৰ্থী কৃষ্ণ গগৈ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰ।

পঞ্চায়তে পঞ্চায়তে আজি ৰাইজৰ দলৰ কৰ্মীৰ প্ৰচাৰ আভিযানেৰে সামৰণি পৰে দলটোৰ নিৰ্বাচনী প্ৰচাৰ।
তামুলপুৰৰ কটাহবাৰীতো আৱতৰীয়া দীপাৱলীৰ পৰিবেশে বিৰাজ কৰিলে ।

বুধবাৰে মিত্ৰ জোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ তামুলপুৰৰ কটাহবাৰী গাঁওলৈ যায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

সেয়ে তামুলপুৰৰ কটাহবাৰীত স্হানীয় ৰাইজে মুখ্যমন্ত্ৰী গৰাকীৰ সুস্বাস্থ্য কামনা কৰি সহস্ৰাধিক বন্তি প্ৰজ্বলন কৰে।

বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই । তেখেতক সংগ দিয়ে বিধায়ক জিতু গোস্বামী আৰু বিজয় মালাকৰে। উপস্থিত থাকে বিটিআৰৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য তথা এমচিএলএ ।