world bicycle day আজি বিশ্ব চাইকেল দিৱস: হ্ৰাস পোৱা নাই চাইকেলৰ পূৰ্বৰ সেই জনপ্ৰিয়তা

world bicycle day সেন্দুৰী আলিৰ ওখ গৰায়েদি কো কোৱাই নামি একেবাৰে পথাৰৰ বোকাত পৰা দিনৰ শৈশৱৰ এটি সপোন আছিল এখন চাইকেল।

৬০-৭০ দশকৰ ৰেলী (RALLIES) অথবা হাৰকুইলিছ (HERCULES), ৮০-৯০ দশকৰ এভন (AVON) বা হিৰ’ (HERO) চাইকেলখন চীটত খামুচি হাফ পেদেল মৰাৰ পৰা ফুল পেদেল মাৰি ক্ৰমে চীটত বহালৈ প্ৰত্যেকজন লোকৰে শৈশৱৰ অনন্য স্মৃতি এই চাইকেল।

স্মৃতিৰ কুকিত পথৰুৱা বোকাৰ পৰাই আৰম্ভ হৈছিল চাইকেল চলোৱাৰ এটি দীঘলীয়া শৈশৱ-কৈশোৰৰ অভিজ্ঞতাৰ যাত্ৰা। স্কুল যোৱাৰ পৰা দোকানৰ বজাৰ কৰালৈ, উচ্চ শিক্ষাৰ দুৱাৰদলি মহাবিদ্যালয়ত ভৰি দিয়াৰ পৰা ওলাই অহা দিনলৈ। অনন্য মিঠা স্মৃতি এই চাইকেলখনৰ সতে।

খোজ কঢ়াতকৈ কম সময়ত, কম খৰচী, বিশেষকৈ কোনো ইন্ধনৰ প্ৰয়োজন নোহোৱা এই চাইকেলখনে আমাৰ চৌপাশৰ পৰিবেশক প্ৰদূষণ মুক্ত কৰি ৰখাত অভূতপূৰ্ব অৱদান আগবঢ়োৱাৰ লগতে চাইকেলে মানুহক নিৰোগী কৰি সু-স্বাস্থ্যৰ অধিকাৰী কৰে।

যদিওবা সময়ৰ কোৱাল সোঁতত চাইকেলখনৰ প্ৰায়োগিকতা কমি অহা দেখা গৈছে। বৰ্তমানৰ যান্ত্ৰিক জীৱনশৈলীত সেই ঠাই ল’লে গাড়ী,মটৰ চাইকেল আদি বিভিন্ন ইন্ধনযুক্ত বাহনে। ব্যস্ততাপূৰ্ণ পথটিত সন্তানে নিৰাপদে অহা-যোৱা কৰিবলৈকে অভিভাৱকে স্কুললৈ গাড়ীত লৈ যোৱাৰ অন্য এক পৰিবেশ আহিল।

জীৱনশৈলীৰ এনে পৰিবৰ্তনে আমাক যন্ত্ৰণাময় জীৱনলৈ যে লৈ গৈছে , এইকথা গমিবলৈকে যেন আহৰি নাই। পাহৰি গৈছোঁ যে সৰুতে চাইকেলখনক লৈ দেখা সপোনবোৰতে লুকাই থাকে এটি শিশুৰ শাৰীৰিক আৰু মানসিক কচৰৎ।
যেনেকৈ চাইকেল চলোৱাটো এটা উৎকৃষ্ট ব্যায়াম, তেনেকৈ সৰু সৰু সপোন বোৰত লুকাই থাকে সৃষ্টিৰ উৎস।

যিহেতু সপোনত শিশুয়ে কল্পনাৰ জগতত বিচৰণ কৰে। আৰু কল্পনা হৈছে সৃষ্টিৰ আদি পথ। লুঙলুঙীয়া পথেৰে জীৱনৰ বাটকুৰি বোৱা চাইকেলখনে বাটৰ খলা-বমা বোৰ যেনেকৈ চিনি যাবলৈ শিকায় তেনেকৈ দিয়ে জীৱন যাত্ৰাৰ অভিজ্ঞতা।

সেয়েহে নষ্টালজিক দিনবোৰলৈ মনত পেলাই বহু লেখকে চাইকেলখনকে লিখনীৰ বিষয় কৰি ল’লে। গীতিকাৰে গীত ৰচিলে … মন হীৰা দৈ / চাইকেল নহ’য় টিলিঙা…. বহুতে চাইকেলৰ ৰোমাঞ্চকৰ যাত্ৰাৰে দেশ-বিদেশ ভ্ৰমণ কৰি জীৱন ধন্য কৰিলে।

যদিও চাইকেলখনৰ পূৰ্বৰ সেই জনপ্ৰিয়তা নাই তথাপি এছিয়া মহাদেশৰ চীন বা ইউৰোপৰ বহু দেশত বৰ্তমানেও চাইকেলৰ অবাধ প্ৰচলন আছে। চাইকেলৰ জনপ্ৰিয়তা পুনৰ উদ্ধাৰৰ বাবে, চাইকেল ব্যৱহাৰৰ সু ফলৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবেই ২০১৮ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ৩ জুন তাৰিখটোত বিশ্ব চাইকেল দিৱস ৰূপে উদযাপন কৰাৰ লক্ষ্য ল’লে।

চাইকেলৰ চলোৱাৰ এই সুকীয়া আমেজ ,ইয়াৰ উপকাৰিতা আজিৰ দিনত সকলোৱে যেন বুজি উঠিছে। সেইবাবেই হয়তো পুৱা প্ৰাত: ভ্ৰমণলৈ ওলোৱা বহুতেই চাইকেলখনকে সাৰথি কৰি কংক্ৰিটৰ পথলৈ ওলাই গৈছে।

প্ৰকৃতিক কিছু সময় প্ৰদূষণ মুক্ত কৰি সুস্থিৰ বাতাবৰণত বিন্দুমাত্ৰ সহযোগিতা আগবঢ়াবলৈ কিয় আমি বিশ্ব চাইকেল দিৱসটি সফল ৰূপায়ণৰ কাৰ্যসূচী লব নোৱাৰো?

যিহেতু এইসময়ত ৩ জুন এই নিৰ্দিষ্ট তাৰিখটো সফল আৰু সুচাৰুৰূপে পালন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। বছৰটোৰ এটা দিন অন্তত: গাড়ী, মটৰ আদি ইন্ধনযুক্ত বাহনৰ চলাচল বন্ধ কৰি চাইকেলখন লৈ ওলাই যাওঁ আহক।

স্থানীয়ভাৱে হ’লেও মাত্ৰ এদিনৰ বাবে স্কুল -কলেজ, বজাৰ-সমাৰ কৰাৰ পৰা চাকৰি, ব্যৱসায় নতুবা ফুৰিবলৈকে চাইকেলখন ব্যৱহাৰ কৰক। নিশ্চিতভাৱে আপোনাৰ এই উভটনি যাত্ৰাত সহযোগী হ’ব আপোনাৰ এৰি অহা সোণালী শৈশৱ। আপুনি লাভ কৰিব এটা উৎফুল্লিত মন।

এটা কথা সঠিক যে, বিশ্ব চাইকেল দিৱস পালনৰ নামত চাইকেল ৰেচ বা সভা-সমিতি অনুষ্ঠিত কৰিলেই চাইকেলৰ জনপ্ৰিয়তা ঘূৰি নাহে। সঁচা অৰ্থত বছৰটোৰ এই নিৰ্দিষ্ট দিনটো চাইকেলৰ দিন হিচাপে উদযাপন কৰক। চৰকাৰেও গ্ৰহণ কৰক উচিত পদক্ষেপ।
কোনো মন্ত্ৰী-বিধায়কে বিধানসভালৈ মাত্ৰ এটা দিন চাইকেল চলাই চাইকেলৰ জনপ্ৰিয়তা ঘূৰাই আনিব নোৱাৰে। তেনেক্ষেত্ৰত চৰকাৰৰ উচিত আৰু শক্তিশালী পদক্ষেপেহে ৰাষ্ট্ৰসংঘৰ চিন্তাৰ সৱল খোজ হ’ব।

                                                                    লেখিকা এগৰাকী নিবন্ধকাৰ