NORTHEAST NOW (Assamese)

ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দ্বিতীয়টো কাৰ্য্যকালৰ বাবে আজি দায়িত্ব গ্ৰহণ কৰিব ৰঞ্জিত দাসে

January 18, 2020 10:36 am · এন ই নাও নিউজ
ফাইল ফটো

অসম ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে আজি পুনৰবাৰ দায়িত্ব গ্ৰহণ কৰিব সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসে।

শংকৰদেৱ কলাক্ষেত্ৰত আজি আয়োজিত হ’বলগীয়া এক দলীয় অনুষ্ঠানত দ্বিতীয়টো কাৰ্য্যকালৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিব দাসে।

উল্লেখযোগ্য যে, ৰঞ্জিত দাসে যোৱা ২০১৭ চনৰ ৩০ জানুৱাৰিত অসম ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

ৰঞ্জিত দাসৰ নেতৃত্বতে বিজেপিয়ে ২০১৯ লোকসভা নিৰ্বাচনত ৰাজ্যত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে দাসৰ নেতৃত্বক লৈ বিজেপিৰ হাই কামাণ্ড সন্তুষ্ট হোৱা দেখা গৈছিল যাৰ বাবে পুনৰ এটা কাৰ্য্যকালৰ বাবে ৰঞ্জিত দাসক ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্বভাৰ অৰ্পন কৰা হৈছে।

ৰঞ্জিত দাসৰ নেতৃত্বতে বিজেপিয়ে ২০২১ চনৰ বিধানসভা নিৰ্বাচনতো অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

মন কৰিবলগীয়া যে এই সপ্তাহটোতে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত আৰু পশ্চিম বংগতো ৰাজ্যিক বিজেপিৰ সভাপতিৰ নিৰ্বাচন হৈ গৈছে।

মেঘালয়ত আৰু ত্ৰিপুৰাত ক্ৰমে এ এল হেক আৰু মানিক সাহাই দলটোৰ নতুন ৰাজ্যিক সভাপতি হিচাপে দায়িত্ব লৈছে। আনহাতে পশ্চিম বংগত আন এটা কাৰ্য্যকালৰ বাবে পুনৰ দিলীপ ঘোষক দায়িত্ব দিয়া হৈছে।

Related News