বিশ্বনাথটো ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ : কৃষি আইনৰ প্ৰতিলিপিসহ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিকৃতি দাহ

index.jpga

দেশৰ কৃষক সংগঠনসমূহে আজি আহ্বান জনোৱা ভাৰত বন্ধক অসমৰ বিভিন্ন দল সংগঠনে সমৰ্থন জনোৱা দেখা গ’ল।

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথটো ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা পোৱা গ’ল।

ভাৰত বন্ধ সফল কৰাৰ বাবে বিভিন্ন দল সংগঠন কংগ্ৰেছ, চিতুকে আদি কৰি বহুসংখ্যক বন্ধ সমৰ্থনকাৰী ৰাজপথলৈ ওলাই আহিল বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তত।

ইফালে এই বন্ধৰ সমৰ্থন জনাই বিশ্বনাথ চাৰিআলিৰ মৰলগাঁওৰ ধাননী পথাৰত সাৰথী ঐক্য যুৱ মঞ্চৰ উদ্যোগত কৃষি আইনৰ প্ৰতিলিপি আৰু দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে।

ইফালে বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত বিশ্বনাথ জিলা কংগ্ৰেছে ৰাজপথৰ মাজত নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰি পৰিবেশ উত্তাল কৰি তোলে ।