মোদীৰ হিন্দুত্বৰ ৰাজনীতিক হিন্দুত্বৰ ৰাজনীতিৰেই প্ৰত্যাহ্বান টোগাড়িয়াৰ ‘হিন্দুস্থান নিৰ্মাণ দল’ৰ

“কাশ্মীৰত সৈনিকৰ মৃত্যু বন্ধ হ’ল নে, বাংলাদেশীক খেদিলে নে, অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হ’ল নে?”

আগন্তুক লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীক শ’লঠেকত পেলাবলৈ ইতিমধ্যে যোৱা ৯ ফেব্ৰুৱাৰিৰ দিনা উগ্ৰ হিন্দুত্ববাদী নেতা তথা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ ভাই টোগাড়িয়াৰ নেতৃত্বত জন্ম হ’ল ‘হিন্দুস্থান নিৰ্মাণ দল।‘ দলটোৱে অহা লোকসভা নিৰ্বাচনত অসমৰ ১৪টা সমষ্টিতেই প্ৰাৰ্থী দিব। এই কথা জানিবলৈ দিছে দলটোৰ জন্মদাতা তথা শীৰ্ষনেতা প্ৰবীণ ভাই টোগাড়িয়াই।

আজি মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত উপস্থিত হয়হি দলটোৰ মুখ্য নেতা টোগাড়িয়া। শাসনৰ পূৰ্বে প্ৰধান মন্ত্ৰী মোদীয়ে দিয়া প্ৰতিশ্ৰুতিৰ এটাও পালন কৰিব নোৱাৰিলে বুলি কৈ মোদীক ক্ষুৰধাৰ সমালোচনা কৰে নেতাজনে। লগতে মোদীয়ে পালন কৰিব নোৱৰা প্ৰতিশ্ৰুতিবোৰ পালন কৰাৰ আশ্বাস দিয়ে তেওঁ।

“কাশ্মীৰত সৈনিকৰ মৃত্যু হোৱা বন্ধ হ’ল নে?”, “কোটি কোটি যুৱকে চাকৰি পালে নে?”, “কৃষকসকল ঋণমুক্ত হ’ল নে তেওঁলোকৰ আত্মহত্যা বন্ধ হ’ল?”,  “শিক্ষা ব্যৱস্থাৰ প্ৰসাৰ হ’লনে?”, “অসমক বাংলাদেশীৰ পৰা কংগ্ৰেছ আৰু বিজেপি চৰকাৰে মুক্ত কৰিলেনে?”, “কংগ্ৰেছ আৰু বিজেপিয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিলেনে?” উপস্থিত ৰাইজৰ সন্মুখত এইবোৰ প্ৰশ্ন উত্থাপনেৰে ভাষণৰ আৰম্ভণি কৰে উগ্ৰ হিন্দুত্ববাদী নেতাজনে।

“লাচিত বৰফুকনে অসমৰ বীৰসকলক লগত লৈ মোগলৰ হাতৰ পৰা এই ধৰিত্ৰীক ৰক্ষা কৰিছিল। লাচিত বৰফুকনৰ আদৰ্শৰে বিজেপি চৰকাৰে বাংলাদেশীক বাংলাদেশলৈ খেদি দেখুৱাওক।”, টোগাড়িয়াই কয়।

তেওঁ আৰু কয়, “আমি সপোন দেখিছিলো, এদিন অসম বাংলাদেশীৰ হাতৰ পৰা মুক্ত হৈ পৰিব। ৫ বছৰে কেন্দ্ৰত বিজেপি চৰকাৰ থাকিও এতিয়াও বাংলাদেশী মুছলমান অসমৰ মাটিত কিয় থিতাপি লৈ আছে? বাংলাদেশী মুছলমানক ঢাকাত থৈ আহিবৰ বাবে বিজেপিক ৰাইজে চৰকাৰ বনাবলৈ সুবিধা দিছিল। ৰঙা লাইটযুক্ত গাড়ীত বহি আৰামেৰে ঘূৰিবৰ বাবে অসমৰ ৰাইজে ভোট দিয়া নাছিল।”

গুৱাহাটী নৱগঠিত হিন্দুস্থান নিৰ্মাণ দলৰ শীৰ্ষনেতা প্ৰবীণ ভাই টোগাড়িয়া। ফটো : য়ু বি।

ইয়াৰোপৰি, যদি ঢাকাই বাংলাদেশীৰ বোজা নলয়, তেতিয়া ভাৰতৰ ১৫ লাখ সৈন্যক চিটাগঙলৈ পঠাই বাংলাদেশৰ আধা অংশ কব্জা কৰি দেখুৱাই দিম বুলি লম্ফ-জম্ফ কৰে নেতাজনে।

আনহাতে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ পূৰ্বে বিদেশী বহিষ্কাৰ কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতি ‘ললিপপ’হে আছিল বুলি কয় টোগাড়িয়াই।

‘বাংলাদেশী খেদিম বুলি ললিপপ দেখুৱাই অসমৰ ৰাইজৰ বৃহৎ সমৰ্থন আদায় কৰিলে। অতি কমেও ১০ লাখ বাংলাদেশী মুছলমানৰ ডাঢ়ি-টুপীত ধৰি ঢাকালৈ পঠিয়াই দেখাওক।” চূড়ান্ত মুছলমান বিদ্বেষ উদগিৰণেৰে টোগাড়িয়াই কয়।

তদুপৰি, শাসনলৈ আহি পাঁচ বছৰ সম্পূৰ্ণ হ’বলৈ ধৰাৰ পাছতো বিজেপি চৰকাৰে ৰাম মন্দিৰ নিৰ্মাণ নকৰাত ক্ষোভ প্ৰকাশ কৰি টোগাড়িয়াই কয় “ৰাম মন্দিৰৰ ললিপপ দেখুৱাই তেওঁলোকৰ হিন্দুৰ ভোট লৈ চৰকাৰ বনালে।”

তেওঁ আৰু কয় “মোদীয়ে ৫ বছৰৰ ভিতৰত এবাৰো ৰামলীলা দৰ্শন কৰিবলৈ অযোধ্যালৈ নগ’ল। তিনি তালাকৰ ক্ষেত্ৰত ৩ বাৰকৈ অধ্যাদেশ জাৰি কৰিলে, কিন্তু ৰাম মন্দিৰৰ ক্ষেত্ৰত অধ্যাদেশ জাৰি কৰিব নোৱাৰি।”

তাৎপয্যপূৰ্ণভাৱে অযোধ্যাত প্ৰায় ২৬ বছৰে কোনো এখন চৰকাৰে বাবৰি মছজিদৰ ঠাইত ৰাম মন্দিৰ নিৰ্মাণ কৰিব নোৱাৰিলে তথা এয়া ভাতৰ লগত পানী খোৱাৰ দৰে কথা নহয় বুলি মন্তব্য কৰে বিশ্ব হিন্দু পৰিষদৰ পৰা বিতাড়িত নেতাজনে।

নিজৰ এই মন্তব্যৰ স্ববিৰোধ দাঙি ধৰি ‘হিন্দুস্থান নিৰ্মাণ দলে’ শাসনলৈ অহাৰ এসপ্তাহৰ ভিতৰতে ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলি মন্তব্য কৰে নেতাজনে।

“যদি আমি শাসনলৈ আহো, যদি ভগৱানে শক্তি দিয়ে, তেন্তে এসপ্তাহৰ ভিতৰত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি দিম। ৰাম মন্দিৰৰ অধ্যাদেশ আহিব, ৰাম মন্দিৰ বনোৱা কাম আৰম্ভ হ’ব।” প্ৰতিশ্ৰুতি টোগাড়িয়াৰ।

অৱশ্যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া বিষয়টোত বিজেপিৰ সৈতে মতৰ সম্পূৰ্ণ মিল দেখা গ’ল।তেওঁ অসমক বাদ কৰি ভাৰতৰ ভিন্ন স্থানত হিন্দু বাংলাদেশীসকলক সংস্থাপন দিয়াৰ পোষকতা কৰে।

“হিন্দু বাংলাদেশীসকলক অসমত কিয় সংস্থাপন দিব লাগে? পাঞ্জাব, লুধিয়ানা, গুজৰাট আৰু বেংগলুৰু আৰু মুম্বাই, ৰাজস্থানত হিন্দু বাংলাদেশীসকলক ভগাই তাত সংস্থাপন দিলে আপোনালোকৰ বিৰোধিতা থাকিব নেকি?” সভাত উপস্থিত জনসাধাৰণক এই প্ৰশ্ন কৰে টোগাড়িয়াই।

“আফগানিস্তানৰ পৰা হিন্দুসকলক ভাৰতলৈ আনিলে চুৰাট আৰু গুজৰাটত মই নিজে স্বাগতম জনাবলৈ থিয় হৈ থাকিম। তেতিয়া অসমৰ সমস্যাও সমাধান হ’ব আৰু বেংগলীসকলৰো সমস্যা সমাধান হৈ যাব।” হিন্দু বাংলাদেশীৰ পোষকতা কৰি হিন্দুত্ববাদী নেতাজনে কয়।

ইপিনে, অন্যান্য ৰাজনৈতিক দলসমূহে দিয়া স্বভাৱসুলভ প্ৰতিশ্ৰুতিৰ দৰেই হিন্দুস্থান নিৰ্মাণ দলে চৰকাৰ গঠন কৰিলে অসমৰ দীৰ্ঘদিনীয়া বাংলাদেশী মুছলমানৰ সমস্যা, ভাৰতৰ নিৱনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন, কৃষকক ঋণ মুক্ত কৰা, সেনাসকলক সুৰক্ষা দিয়া, ৰাম মন্দিৰ নিৰ্মাণ কৰা ইত্যাদি প্ৰতিশ্ৰুতি দিয়ে টোগাড়িয়াই।

ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিতে দলৰ প্ৰাৰ্থী থিয় কৰোৱা হ’ব বুলি জানিবলৈ দিয়ে নেতাজনে।