কাইলৈ অসমত অমিত শ্বাহ : সভাস্থলী পৰিদৰ্শন কৰিলে হিমন্ত বিশ্ব শৰ্মাই

AMIT-SHAH-PTI7_30_2017

অমিত শ্বাহৰ ফাইল ফটো।উৎস-ইণ্টাৰনেট

বৃহস্পতিবাৰে কলিয়াবৰ আৰু যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনী ৰণডংকা বজাবৰ বাবে অসমত উপস্থিত হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। নগাঁওত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা, যোৰাহাটৰ তপন গগৈ আৰু কলিয়াবৰ সমষ্টিত বিজেপিৰ মিত্ৰ দল অগপৰ প্ৰাৰ্থী মনিমাধৱ মহন্তৰ হৈ দুখন নিৰ্বাচনী সভাত অংশলৈ প্ৰচাৰ চলাব বিজেপিৰ সভাপতিগৰাকীয়ে।

ইতিমধ্যে, নেডাৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কলিয়াবৰত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ স্থান পৰিদৰ্শনৰ বাবে উপস্থিত হয়। হিমন্ত বিশ্ব শৰ্মাক সংগ দি বিজেপি আৰু অগপৰ নেতা-কৰ্মীসকলক লগত লৈ উপস্থিত হয় নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা।

আনহাতে, অগপৰ কেশৱ মহন্ত, মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তয়ো হিমন্ত বিশ্ব শৰ্মাৰ লগত উপস্থিত থাকি সভা অনুষ্ঠিত হ’বলগীয়া স্থান পৰিদৰ্শন কৰে। বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া সভাখন কলিয়াবৰ ডাঃ টি আও গ্ৰাম্য ক্ৰীড়াংগনত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।