অসম-মিজোৰামৰ সীমা সংঘাত সন্দৰ্ভত কাইলৈ মন্ত্ৰী পৰ্যায়ৰ বৈঠক, উপস্থিত থাকিব অসমৰ কোন কোন মন্ত্ৰী?

himm

শেহতীয়াকৈ উত্তপ্ত হৈ পৰা অসম-মিজোৰাম সীমা বিবাদ সন্দৰ্ভত কাইলৈ মিজোৰামৰ ৰাজধানী আইজলত অনুষ্ঠিত হ’ব মন্ত্ৰী পৰ্যায়ৰ বৈঠক।

কাইলৈৰ বৈঠকক লৈ আশাবাদী অসম তথা মিজোৰামৰ মুখ্যমন্ত্ৰী দুগৰাকী। প্ৰস্তাৱিত বৈঠক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই টুইটত কৈছে যে কাইলৈৰ বৈঠকত সীমা সমস্যা সধাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিব পৰা যাব।

ইপিনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো টুইটত কৈছে যে কাইলৈৰ বৈঠকলৈ অসমৰ দুগৰাকী মন্ত্ৰী ক্ৰমে অতুল বৰা আৰু অশোক কুমাৰ সিংঘলে অসমবাসীৰ হৈ শান্তিৰ বাৰ্তা কঢ়িয়াই নিব।

উল্লেখ্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ পিছতে মিজোৰাম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছিল।ইপিনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো মিজোৰামৰ এগৰাকী সাংসদৰ বিৰুদ্ধে দিয়া গোচৰ প্ৰত্যাহাৰ কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিছিল।

মিজোৰামৰ মুখ্য সচিব লালনুনমাৱিয়া চুংৱাগোই এই কথা সদৰী কৰিছিল যে অমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম এজাহাৰত সন্নিবিষ্ট কৰাৰ ক্ষেত্ৰত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ কোনো অনুমোদন নাছিল।

উল্লেখ্য মিজোৰামৰ ভেইৰেংটে আৰক্ষী থানাৰ পৰিদৰ্শক এইচ লালচাওইমাওৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষীৰ মহা পৰিদৰ্শক অনুৰাগ আগৰৱালা, আৰক্ষী উপ মহাপৰিদৰ্শ দেৱজ্যোতি মুখাৰ্জী, কাছাৰৰ উপায়ুক্ত কীৰ্তি জালি, কাছাৰৰ (প্ৰাক্তন) আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ, বন বিষয়া ছানিদেউ চৌধুৰী, ধলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চাহাবুদ্দিন আৰু অসম আৰক্ষীৰ অচিনাক্ত ২০০ আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপৰ পাছতেদুয়ো খন ৰাজ্যৰ মাজত আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

‘’কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক টেলিফোনিক আলোচনাৰ পাছত আমি মিজোৰাম-অসম সীমান্তৰ বিষয়টো সৌহাৰ্দ্যপূৰ্ণভাৱে সন্তোষজনক আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ সন্মত হও,’’-মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই টুইটাৰত এইদৰে কৈছিল।