চীনে দিলে যুদ্ধৰ ভাবুকি; টাইৱানে নামানিলে কৰিব আক্ৰমণ

pic515525122_053020093131 new

প্ৰতিনিধিত্বমূলক ফটো।

টাইৱানে যদি একত্ৰীকৰণৰ বাবে সাজু নহয় তেতিয়াহ’লে ইয়াৰ ওপৰত আক্ৰমণৰ ভাবুকি দিছে চীনে।

চীনৰচেন্ট্ৰেল মিলিটাৰী কমিশ্যনৰ সদস্য তথা জইন্ট ষ্টাফ ডিপাৰ্টমেন্টৰ মুৰব্বী লী ঝুঅ’ছেংগে কয় যে টাইৱানক যদি স্বতন্ত্ৰ কৰি ৰখাৰ কোনো পথ নাথাকে তেতিয়াহ’লে চীনে ইয়াৰ ওপৰত আক্ৰমণ কৰিব।

লী ঝুঅ’ছেংগ চীনৰ এগৰাকী বহু জ্যেষ্ঠ জেনেৰেল আৰু দেশখনৰ এনে এগৰাকী উচ্চ পদস্থ বিষয়াৰ এনেধৰণৰ মন্তব্যই স্বাভাৱিকতে তাৎপৰ্য বহন কৰিছে।

বেইজিঙৰ গ্ৰেট হল অফ দ্য পাব্লিকত শুকুৰবাৰে লীয়ে এই মন্তব্য কৰিছিল।

লী ঝুঅ’ছেংগে কয় যে যদি শান্তিৰে একত্ৰীকৰণৰ পথ ৰুদ্ধ হৈ পৰে তেতিয়া চীনৰ সেনাই গোটেই দেশক লগত লৈ (টাইৱানৰ জনতাকো লৈ) পৃথকতাবাদীসকলৰ বিৰুদ্ধে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিব।

লীয়ে লগতে কয় যে তেওঁলোকে সুৰক্ষা বাহিনী ব্যৱহাৰ নকৰাৰ প্ৰতিশ্ৰুতি দিয়া নাই। টাইৱানত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চীনে বিকল্প সংৰক্ষিত কৰি ৰখা বুলিও কয় বিষয়াগৰাকীয়ে।

লীয়ে চীনৰ এন্টিছেকছেচন আইনৰ ১৫সংখ্যক বাৰ্ষিকী উপলক্ষে বক্তব্য আগবঢ়াইছিল।

উক্ত আইনে চীনক টাইৱানে পৃথক হোৱাৰ প্ৰচেষ্টা চলালে তেওঁলোকৰ ওপৰত সেনা ব্যৱহাৰ কৰিব পৰা আইনী অধিকাৰ প্ৰদান কৰিছে।

চীনে হংকংৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ সাৱ্যস্ত কৰাৰ বাবে নেশ্যনেল ছিকিউৰিটি আইন বলবৎ কৰাৰ সময়তে টাইৱানৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে এই বক্তৱ্য আগবঢ়াইছে।

পূৰ্বৰে পৰা চীনে টাইৱানক ইয়াৰ অংগ বুলি কৈ আহিছে যদিও টাইৱানত নিজৰেই নিৰ্বাচিত গণতান্ত্ৰিক চৰকাৰ আছে।

চীনৰ বিৰোধিতাৰ বাবেই কেইবাটাও আন্ত:ৰাষ্ট্ৰীয় সংস্থাত টাইৱানে স্থান লাভ কৰিব পৰা নাই।