NORTHEAST NOW (Assamese)

বিপদে লগ নেৰিছে বাবা ৰামদেৱক! তৰা হ’ল এক হাজাৰ কোটি টকাৰ মানহানিৰ গোচৰ

May 26, 2021 3:11 pm · এন ই নাও নিউজ
Updated: May 26, 2021 3:12 pm

বিতৰ্ক আৰু বিপদে যেন লগ নেৰা হ’ল বাবা ৰামদেৱক!

এলোপেথি ঔষধক লৈ বিতৰ্কিত মন্তব্যৰ বাবে যোগগুৰুজন এক হাজাৰ কোটি টকাৰ মানহানিৰ গোচৰৰ সন্মুখিন হৈছে।

ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৯ ধাৰামতে গোচৰটো তৰিছে ইণ্ডিয়ান মেডিকেল এচোছিয়েছন (আইএমএ)ৰ উত্তৰাখণ্ড শাখাই।

ৰামদেৱলৈ পঠোৱা ৬ পৃষ্ঠাৰ এখন জাননিত আইএমএই জনাইছে, ভিডিঅ’ বাৰ্তাযোগে তেওঁ বিতৰ্কিত মন্তব্য সলনি কৰিব লাগিব আৰু ক্ষমা খুজিব লাগিব।

এইক্ষেত্ৰত তেওঁক ১৫ দিন সময় দিয়া হৈছে।

অন্যথা এক হাজাৰ কোটি টকা দাবী কৰা হ’ব।

তদুপৰি, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱাটকো ৰামদেৱৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ দাবী জনাইছে আইএমএই।

Related News