NORTHEAST NOW (Assamese)

অসমৰ তৰুণ চাঞ্চল্য অস্মিতাক হৰুৱাই ফাইনেলত অভিজ্ঞ পি ভি সিন্ধু

February 15, 2019 6:15 pm · এন ই নাও নিউজ
Updated: February 15, 2019 6:18 pm
অস্মিতা বনাম পি ভি সিন্ধু। ফটো-নৰ্থ-ইষ্ট নাও

শুকুৰবাৰে অসমৰ অস্মিতা চলিহাক হৰুৱাই গুৱাহাটীত চলি থকা ৮৩ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে তাৰকা শ্বাটলাৰ পি ভি সিন্ধু।

তৰুণৰাম ফুকন ইণ্ড’ৰ ষ্টেদিয়ামত অনুষ্ঠিত খেলখনত বিশ্বৰ দুই নং স্থানৰ তাৰকা শ্বাটলাৰগৰাকীৰ হাতত ২১-১০, ২২-২০ ছে’টত পৰাজিত হয় অসমৰ নবীন খেলুৱৈগৰাকী।

প্ৰথম ছে’টতো (২১-১০) মাত্ৰ ১১ মিনিটতে হেৰুওৱাৰ পিছতো অস্মিতাই ঘৰুৱা দৰ্শকক নিৰাশ নকৰি দ্বিতীয় ছে’টত ৰিঅ’ অলিম্পিকৰ ৰূপ বিজয়ী সিন্ধুৰ বিৰুদ্ধে ১৯-১৬ লীদ ল’বলৈ সক্ষম হৈছিল।

ইপিনে মহিলাৰ ছিংগলছৰ আনখন ছেমিত বৰ্তমান বৈষ্ণৱী ভালেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে আন এগৰাকী তাৰকা ছাইনা নেহৱাল।

ছেমিফাইনেললৈ অগ্ৰগতিৰ পথত অস্মিতাই কোৱাৰ্টাৰত ১৬-২১, ২১-১৭, ২১-১৯ ব্যৱধানত পৰাস্ত কৰে আকৰ্ষি কাশ্যপক।

সিন্ধুৱে কোৱাৰ্টাৰ ফাইনেলত ২১-১৬, ২১-৭ ব্যৱধানত পৰাস্ত কৰে ৰিয়া মুখাৰ্জীক।

Related News