প্ৰধান মন্ত্ৰী মোদীৰ আহ্বানক ‘অসন্মান’ Topcem চিমেন্টৰ; টয়লেটৰ সুবিধাৰ পৰা বঞ্চিত দিব্যাংগ শিক্ষাৰ্থী

disabilities

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 'অসন্মান'।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিসময়ত দিব্যাংগসকলৰ সুবিধাৰ্থে ৰাজহুৱা টয়লেটৰ বাবে অভিযান চলাইছে, Topcem চিমেন্টে দিব্যাংগ শিক্ষাৰ্থী তথা শিক্ষকসকলৰ অধিকাৰক সম্পূৰ্ণ অৱজ্ঞা কৰিছে।

উত্তৰ পূব ভাৰতৰ এক প্ৰধান চিমেন্টৰ ব্ৰেণ্ড Topcem চিমেন্টে যোৱা ২৮ জানুৱাৰিত ইয়াৰ চিএছআৰ কাৰ্যসূচীৰ অধীনত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত এটা টয়লেট ব্লক নিৰ্মাণ কৰিছে।

গুৱাহাটী লুইতৰ ৰ’টাৰী ক্লাৱৰ এক সাহায্যৰ অধীনত Topcem চিমেন্টে টয়লেট ব্লকটো নিৰ্মাণ কৰিছে।

আশ্চৰ্যজনকভাৱে, Topcem চিমেন্টে নিৰ্মাণ কৰা টয়লেট ব্লকটোত দিব্যাংগ শিক্ষাৰ্থী আৰু শিক্ষকৰ বাবে কোনো সুবিধা নাই।

এক মৰ্যাদাসম্পন্ন জীৱন যাপনক উৎসাহিত কৰাৰ এক অৱিচ্ছেদ্য লক্ষ্য হিচাপে ড্ৰিংকিং ৱাটাৰ এণ্ড ছেনিটাইজেশ্যন বিভাগে দিব্যাংগ ব্যক্তিসকলৰ বাবেও ছেনিটেশ্যনৰ  সমান তথা উপযুক্ত সুবিধা দিয়াটো নিশ্চিত কৰিব বিচাৰিছে।

আকৌ যদি কোনোবাই চৰকাৰী নিৰ্দেশনা অমান্য কৰা ধৰা পৰে, তেতিয়াহ’লে শাৰীৰিকভাৱে অক্ষম (সম সুবিধা, অধিকাৰ সুৰক্ষা আৰু সম্পূৰ্ণ অংশগ্ৰহণ) আইন, ১৯৯৫ৰ অধীনত শাস্তিৰ যোগ্য।

এগৰাকী দিব্যাংগৰ অধিকাৰ কৰ্মী তথা নেশ্যনেল চেন্টাৰ ফৰ প্ৰম’ছন অফ এমপ্লয়মেন্ট অফ ডিজেব’লড পিপুল’ৰ কাৰ্যবাহী সঞ্চালক আৰমান আলীয়ে কয় যে স্কুল, লাইব্ৰেৰী, হাস্পাতালেই হওক বা কোনো ৰাজহুৱা গৃহত বিশেষভাৱে সক্ষম ব্যক্তিসকলে টয়লেটৰ সুবিধা পোৱাৰ অধিকাৰ আছে।

‘’বিশেষভাৱে সক্ষম ব্যক্তিৰ অধিকাৰ আইনে বিশেষভাৱে সক্ষম ব্যক্তিসকলক সকলো সুবিধা সমানেই লাভ কৰাৰটো নিশ্চিত কৰিছে,’’ বুলি উল্লেখ কৰি আলীয়ে কয় যে চৰকাৰ আৰু ব্যক্তিগত সংস্থাসমূহে ৰাইজৰ বাবে মুকলি কৰি দিয়া সেৱাত এই কথা বিবেচনা কৰা উচিত।

UNICEF ৰ যোগাযোগ বিশেষজ্ঞ পুৰ্বী মালহোত্ৰাই কয়,’’ আমি সুবিধা তথা সমানতাৰ কাৰকসমূহ মনত ৰাখি বিভিন্ন সুবিধাসমূহ সংযুক্ত কৰা উচিত।‘’

‘’ মহিলাৰ বাবে এক সুকীয়া ৰাজহুৱা ৱাছৰুম স্থাপন কৰাটো নিসন্দেহে এটা ভাল ব্যৱস্থা, কিন্তু তেনেকুৱা ব্যৱস্থা এটা বিশেষভাৱে সক্ষম ব্যক্তিসকলেও যাতে ব্যৱহাৰ কৰিব পাৰে তালৈ লক্ষ্য ৰাখি নিৰ্মাণ কৰা উচিত,’’-মালহোত্ৰাই কয়।

UNICEF য়ে গোটেই বিশ্বতে দিব্যাংগ ল’ৰা আৰু ছোৱালীৰ বাবে টয়লেটৰ সুবিধা তথা আন সুবিধাসমূহৰ বাবে অভিযান চলাই আহিছে।

Topcem চিমেন্টে লগতে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক ব্লকৰ মাজৰ এটা শ্ৰেণীকোঠা (কোঠা নং ১২) ৰূপান্তৰিত কৰাৰ বাবেও জগৰীয়া।

কৈলাশ চন্দ্ৰ লোহিয়াৰ লোহিয়া গ্ৰুপৰ এক ব্যৱসায়িক প্ৰতিষ্ঠান Topcem চিমেন্টে আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষভাৱে সক্ষম শিক্ষাৰ্থী আৰু শিক্ষকৰ বাবে সুবিধাৰে এটা নতুন টয়লেট চৌহদ নিৰ্মাণ কৰিব পাৰিলেহেঁতেন।

ইয়াৰ পৰিৱৰ্তে Topcem চিমেন্টৰ কৰ্তৃপক্ষই ৪০ বছৰ পুৰণি আছাম টাইপৰ শ্ৰেণীকোঠাৰ ভিতৰত মাত্ৰ ছয় ফুট উচ্চতাৰ তিনিখন দেৱাল গাঠিয়ে টয়লেট ব্লকটো নিৰ্মাণ কৰে।

জানিব পৰা মতে, Topcem চিমেন্ট কৰ্তৃপক্ষ আৰু ৰটাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ সদস্যসকলে আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত টয়লেট সুবিধা নিৰ্মাণৰ কথা শিক্ষা বিভাগক জনোৱা নাছিল।

কামৰূপ মহানগৰ জিলাৰ স্কুল সমূহৰ পৰিদৰ্শক বুলি গগৈয়ে কয় যে তেওঁ নাজানে যে আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা শ্ৰেণীকোঠা এটা টয়লেটলৈকে ৰূপান্তৰ কৰা হৈছে।