“আমিও অসমীয়া ডেকা, আমি কোনো কাৰণতে কেব আনিবলৈ নিদিওঁ”, শিৱসাগৰত প্ৰতিবাদকাৰী

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত প্ৰতি দিনাই প্ৰতিবাদত জ্বলিছে অসমৰ ৰাজপথ। আজি সন্ধিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰত বৃহৎ জোঁৰ সমদল বাহিৰ কৰে ঐক্য সেনা অসমে।

শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ সন্মুখৰ পৰা সংগঠনটোৰ সহস্ৰাধিক সদস্যই হাতে হাতে অগ্নি শিখা লৈ চহৰৰ দ’লমুখ চাৰিআলিলৈ কেবৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

‘নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ’ব, বিজেপি মুৰ্দাবাদ, জাতিদ্ৰোহী বিজেপি চৰকাৰ হুচিয়াৰ, অমৃত শ্বাহ মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী হায় হায়, জাতিদ্ৰোহী সৰ্বানন্দ সোণোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ’ আদি ধ্বনিৰে শিৱসাগৰৰ আকাশ বতাহ উত্তাল কৰি তোলে।

ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদৰ ফৰিদ ইছলাম বড়াই কয়, ‘কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহে সদম্ভে ঘোষণা কৰিছে যে তেওঁ কেব আনিবই, আমিও অসমীয়া ডেকা, আমি কোনো কাৰণতে কেব আনিবলৈ নিদিওঁ।’

তাৰোপৰি বড়াই কয় যে ১৯৮৩ চনত অসম আন্দোলনৰ সময়ত যেনেকৈ সমগ্ৰ অসমীয়া জাতি ৰাজপথলৈ ওলাই আহিছিল, কেবৰ বিৰুদ্ধেও অসমীয়া পুৰুষ-মহিলাকে ধৰি শিশুৰ পৰা বৃদ্ধলৈকে ওলাই আহিব।

তেওঁ লগতে কয়,  অসম আন্দোলন কৰি জাতীয় নায়কৰ সন্মান পোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এতিয়া চকু মুদা কুলিৰ ভাও ধৰিছে। বিজেপিৰ পকেটত বিক্ৰী হৈ গৈছে সৰ্বানন্দ সোণোৱাল। তেওঁৰ গাত যদি অসমীয়াৰ তেজ আছে তেন্তে সৰ্বানন্দ সোণোৱালে কেবৰ বিৰোধিতা কৰক।

যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই যিহেতু কেবৰ বিৰোধিতা কৰিছে তেন্তে অসম চৰকাৰে কিয় বিৰোধিতা কৰিব পৰা নাই বুলিও মন্তব্য কৰে। আনহাতে অসম গণ পৰিষদ দলক নিমাতী কন্যা বুলি আখ্যা দিয়ে ঐক্য সেনাৰ কেন্দ্ৰীয় সম্পাদকজনে।