NORTHEAST NOW (Assamese)

কেবৰ বিৰুদ্ধে চামগুৰিত জোঁৰ সমদল; বিধেয়কৰ প্ৰতিলিপি দাহ কৰি আছুৰ তীব্ৰ প্ৰতিবাদ

December 10, 2019 7:33 am · বিদ্যুৎজ্যোতি বৰা
ফটো: নৰ্থইষ্ট নাও

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যখনত বিভিন্ন দল-সংগঠনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে নগাঁও জিলাৰ চামগুৰিত  সদৌ অসম ছাত্ৰ সন্থা আৰু  ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত বৃহত্তৰ চামগুৰিবাসী ৰাইজৰ সহযোগত সোমবাৰে সন্ধিয়া জোঁৰ লৈ সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

চামগুৰি তিনি আলিৰ পৰা চামগুৰি মহাবিদ্যালয়লৈ প্ৰায় দুই কিলোমিটাৰ পথ প্ৰতিবাদকাৰীসকলে কেবৰ বিৰুদ্ধে জোঁৰলৈ সমদল কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

পাচঁ শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোঁৰ লৈ কেবৰ বিৰুদ্ধে বৰতাল বজাই  বিভিন্ন শ্ল’গান দি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আকাশ বতাহ কঁপাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, লোকসভা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিতৰ্ক চলি থকা সময়তে চামগুৰি তিনি আলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চামগুৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজে কেবৰ প্ৰতিলিপ দাহ কৰি কেব নমনাৰ হুংকাৰ প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ইপিনে, সোমবাৰে চুতীয়া ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল-সংগঠনে অসম বন্ধৰ আহ্বান দিয়াৰ ফলত সমগ্ৰ চামগুৰি অঞ্চলত সৰ্বাত্মক বন্ধ হোৱা পৰিলক্ষিত হয়।

Related News