শিৱসাগৰত কেবৰ বিৰুদ্ধে প্ৰতিবাদত নামিল যৌথ সংগ্ৰামী মঞ্চ। পৰিৱৰ্তনৰ ভূৱা প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা বিজেপি চৰকাৰে অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰি নিজৰ ভোট বেংক সুৰক্ষিত কৰিবলৈ বিচাৰিছে।
সেয়েহে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰিবলৈ উঠিপৰি লাগিছে। তাৰেই ক্ষোভত জ্বলিছে এতিয়া সমগ্ৰ অসম।
বৃহস্পতিবাৰে সন্ধিয়া শিৱসাগৰত দহটা সংগঠনেৰে গঠিত যৌথ সংগ্ৰামী মঞ্চই প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰে।
শিৱসাগৰ চহৰৰ দ’লমুখ চাৰিআলিত সমবেত হৈ দহ সংগঠনৰ নেতা কৰ্মীয়ে হাতে হাতে জ্বলন্ত শিখা লৈ প্ৰতিবাদী জোঁৰ সমদল উলিয়ায়।
দ’লমুখ চাৰিআলিৰ পৰা হস্পিতেল ৰোড হৈ এ এছ টি চি তিনিআলি হৈ এ টি ৰোড বৰ্ডিং ফিল্ডৰ মাজেৰে মুক্তিনাথ চাৰি আলিত উপস্থিত হৈ দীৰ্ঘ সময় ধৰি চৰকাৰ বিৰোধী শ্লগান দিয়ে।
বিজেপি মুৰ্দাবাদ, হিন্দু বাংলাদেশী ৰক্ষক বিজেপি হুচিয়াৰ, জাতিদ্ৰোহী বিজেপি হুচিয়াৰ, অমিত শ্বাহ মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা গ’ বেক আদি ধ্বনিৰে প্ৰতিবাদকাৰীসকলে শিৱসাগৰৰ আকাশ বতাহ উত্তাল কৰি তোলে।
দহ সংগঠনৰ হৈ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, আহোম জাতীয় গণ মঞ্চ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আক্ৰাছু, তাই আহোম যুৱ পৰিষদ, উজনি অসম মুছলিম কল্যাণ পৰিষদ, মৰিয়া যুৱ ছাত্ৰ সন্থা, ঐক্য সেনা, আহোম সেনাৰ সহস্ৰাধিক নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে।
তাই আহোম যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাঃ সম্পাদক দিগন্ত তামুলীয়ে এই প্ৰতিবাদত অংশগ্ৰহণ কৰি অসমৰ মন্ত্ৰী সাংসদ সকলক এই বিতৰ্কিত বিধেয়কৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনায়।
তেওঁ প্ৰশ্ন কৰে যে মেঘালয়ৰ মুখ্য মন্ত্ৰীয়ে যদি এই ক্ষেত্ৰত মাত মাতিব পাৰে অসমৰ মন্ত্ৰী-বিধায়ক সকলে নোৱাৰে কিয়?
উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰে সংগ্ৰামী যুৱ ছাত্ৰৰ নেতা অৰূপ বৰুৱা,আক্ৰাছুৰ কাৰ্য্যকৰী সভাপতি হিৰকজোতি দত্ত, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ যাদৱ গগৈ, উজনি অসমৰ মুছলিম কল্যাণ পৰিষদৰ ৱালিফুৰ ৰহমান, আহোম সেনাৰ অংকুৰণ ফুকন আৰু মৰিয়া যুৱ ছাত্ৰ সন্থাৰ উপদেষ্টা চামাদ আলিয়ে।