কাছ সংৰক্ষণৰ বৃহৎ বে-চৰকাৰী সংস্থা টি.এছ. এ. ইণ্ডিয়া (TSA India), বিশ্বনাথৰ বন বিভাগ, নাগশংকৰ দেৱালয়ৰ কৰ্তৃপক্ষ, জিলা প্ৰশাসন, বে -চৰকাৰী সংস্থা উপত্যকাৰ লগতে স্থানীয় ৰাইজৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ অধীনস্থ পশ্চিম বনাঞ্চলিক কাৰ্যালয়ৰ শিলডুবি বন শিবিৰ বিলত আজি নাগশংকৰ দেৱালয়ৰ পৰা সংগ্ৰহ কৰা ২২ টিকৈ কণমানি কাছ মুকলি কৰি দিয়া হয়।।
বৰ কাছ প্ৰজাতিৰ ২২ টিকৈ কণমানিয়ে বিগত পাঁচ মাহৰ পৰা নাগশংকৰ দেৱালয়ত জন্ম লাভ কৰি কিছু ডাঙৰ হোৱাৰ পিছত শিলডুবি কেম্পৰ বিলত এৰি দিয়া হয় ।
কাছ সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন সময়ত পদক্ষেপ গ্ৰহণ কৰি অহা বৃহৎ বে-চৰকাৰী সংস্থা টি.এছ. এ. ইণ্ডিয়াৰ বিশেষজ্ঞ দলৰ উপস্থিতিত ছৈদুৰ ৰহমানে আঁত ধৰা এই সুন্দৰ অনুষ্ঠানত উপস্থিতিত থাকে ন দুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশ দ্বিপ কাকতি, বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী মুকুট চন্দ্ৰ দাস, পশু চিকিৎসক ডা’ দীপক শৰ্মা, পুব শোণিতপুৰ বন সংমণ্ডলৰ এ. চি. এফ. বিশ্বজিৎ দাস, চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হজৰিকাসহ ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া। এই কাৰ্যসূচীত আগ ভাগ লয় বন বিভাগৰ বহু কেইজন বিষয়া-কৰ্মচাৰীয়ে ।
প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰে ভৰপুৰ শিলডুবি অঞ্চলত আছে পৰ্যটনৰ এক উৎকৃষ্ট সমল — অনুষ্ঠান এই মন্তব্য কৰে চতিয়াৰ বিধায়ক পদ্ম হজৰিকাই ।
আনহাতে বন বিভাগে আগন্তুক দিনত এই অঞ্চলটিক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ ল’ব বুলি জানিবলৈ দিয়ে।