অসমৰ ৰে’লপথৰ পৰা গোপনে বাতিল কৰা হ’ল ১২খন ট্ৰেইন! দাবী অসম ৰে’ল যাত্ৰী সন্থাৰ

Train

প্ৰতিনিধিত্বমূলক ফটো।

লকডাউনৰ গইনা লৈ অসমৰ ৰেলপথৰ পৰা গোপনে বাতিল কৰা হ’ল ১২খন ট্ৰেইন। এই দাবী কৰিছে অসম ৰে’ল যাত্ৰী সন্থাই।

এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সন্থাই বাতিল হোৱা ৰে’লকেইখনৰ তালিকা প্ৰকাশ কৰে।

সেইকেইখন হৈছে ক্ৰমেঃ-

১। ১২০৮৬ ডিব্ৰুগড় শতাব্দী

২। ১৫৯৪২ ঝাঝা এক্সপ্ৰেছ

৩। ১২৫২৫ কোলকাতা চুপাৰফাষ্ট

৪। ১৫৭১৭ মৰিয়নী ইণ্টাৰচিটি

৫। ১৫৭৭১ কামাখ্যা ইণ্টাৰচিটি

৬। ১৫৯১১ নাহৰলাগুন ইণ্টাৰচিটি

৭। ১৫৬০৫ ফৰকাটিং ইণ্টাৰচিটি

৮। ৫৫৯০৩ মৰিয়ণী পেছেঞ্জাৰ

৯। ৭৫৯১১ ডাঙৰী পেছেঞ্জাৰ

১০। ৫৫৬৬৫ শিলচৰ পেচেঞ্জাৰ

১১। ৫৫৬০৫ মুর্কংকচেলেক পেচেঞ্জাৰ

১২। ৫৫৮১৮ নিউবঙাইগাঁও পেচেঞ্জাৰ

লক্‌ডাউনৰ গইনা লৈ জনসাধাৰণক ত্ৰাসিত কৰি ৰে’লসেৱা স্তব্ধ কৰাৰ পাছত দুই এখনকৈ উলিয়াই দিয়া হ’ল যদিও ওপৰৰ তালিকাখনত উল্লেখ কৰা ১২খনকৈ ট্ৰেইন অসমৰ ৰে’লপথৰ পৰা কোনো ধৰণৰ ৰাজহুৱা জাননী প্রকাশ নকৰাকৈ আতঁৰাই দিয়া হ’ল বুলি সন্থাই দাবী কৰে।

বিশেষকৈ নিম্নোক্ত ৫খন ট্ৰেইনৰ অতি আৱশ্যকীয় সেৱা শীঘ্রে বাহাল কৰিবলৈ সকলো পক্ষই NFR আৰু অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ বাবে তেওঁলোকে বিনম্র আবেদন জনায়।

সেইকেইখন হ’ল:-

১। গুৱাহাটী-ৰঙিয়া-নিউবঙাইগাঁও পেছেঞ্জাৰ (৫৫৮১৮ নং)

২। আলিপুৰদুৱাৰ ৰঙিয়া-কামাখ্যা ইণ্টাৰচিটি (১৫৭৭১ নং)

৩। ডিব্ৰুগড়-লখিমপুৰ-কোলকাতা চুপাৰফাষ্ট (১২৫২৫নং)

৪। ডিব্ৰুগড়- লামডিং-গুৱাহাটী শতাব্দী (১২০৮৬নং)

৫। ডিব্ৰুগড়-মাকুম-ডাঙৰী পেচেঞ্জাৰ (৭৫৯১১নং)

তেওঁলোকে লগতে কয়, “অসম চৰকাৰৰ ফালৰ পৰা কি স্থিতি লোৱা হৈছে তাকো জনাৰ উপায় নাই। মুঠৰ ওপৰত অসমৰ ৰাইজক পূর্বে পাই থকা অত্যাৱশ্যকীয় ৰেলসেৱাৰ পৰা বঞ্চিত কৰি ৰখা হ’ল।”