ক’ৰ’নাৰ ভয়ংকৰ গণ সংক্ৰমণ : গুৱাহাটীত পুনৰ সম্পূৰ্ণ লকডাউন

ফটো : নৰ্থ-ইষ্ট নাও

গুৱাহাটীত অহা দেওবাৰৰ নিশা ১২ বজাৰ পৰা অনিৰ্দিষ্টকাললৈ হ’ব  সম্পূৰ্ণ লকডাউন। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

‘অত্যন্ত অনিশ্চাস্বত্তেও সোমবাৰৰ পৰা ১৪ দিনৰ বাবে লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দেওবাৰে নিশা ১২ বজাৰ পৰাই এই লকডাউন প্ৰযোজ্য হ’ব‘, মন্ত্ৰীগৰাকীয়ে সংবাদমেলত এইদৰে কয়।

যোৱা কেইদিনমান ধৰি গুৱাহাটীত ভয়ংকৰ ৰূপত হৈ আছে গণ সংক্ৰমণত। গণ সংক্ৰমণৰ প্ৰথম পৰ্য্যায়ত ভৰি দিলে মহানগৰ গুৱাহাটী। আক্ৰান্তসকলৰ বহুতৰে নাই কোনোধৰণৰ ট্ৰেভেল হিষ্ট্ৰী।

সেযেহে এই গণ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে পুনৰবাৰ গুৱাহাটীত ঘোষণা কৰিছে লকডাউন।

এই লকডাউনত শাক-পাছলি, মাছ-মাংসৰ দোকান গেলামালৰ দোকানো খোলা নাথাকিব। কোনোধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান, উদ্যোগ, মঠ-মন্দিৰ, সাংস্কৃতিক অনুষ্ঠান সকলোৰে ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

জৰুৰীকালীন সেৱাসমূহ সম্পূৰ্ণৰূপে মুকলি থাকিব। চৰকাৰী ব্যক্তিগত সকলো কাৰ্য্যালয় বন্ধ থাকিব।

উক্ত সংবাদমেলত হিমন্তই কয় ‘গুৱাহাটী মহানগৰীৰ ১০ শতাংশ লোকেও মাস্ক ব্যৱহাৰ কৰা নাই আৰু সামাজিক ব্যৱধান মানি চলা নাই।‘

‘ৰাইজে এটা কথা অনুভৱ কৰিব লাগিব মহানগৰীত হস্পিতালসমূহত মুঠ ৮৯০ খন বিচনা আছে। আৰু ২০০ ৰ অধিক কেচ পালে চাৰিদিনত হস্পিতাল বেড পৰিপূৰ্ণ হৈ যাব।‘ এইদৰে কয় হিমন্তই।

ইপিনে, সৰহসংখ্যক ব্যৱসায়ীয়েও নিজৰ সামাজিক দায়িত্ব পালনত ব্যৰ্থ হৈছে বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয় ‘প্ৰতিষ্ঠানৰ সন্মুখত চেনিটাইজাৰ নাৰাখে।‘

ইপিনে, ভয়ংকৰ গণ সংক্ৰমণ হোৱাৰ বাবে চিন্তিত হৈ হিমন্তই কয় ‘৮০০ ৰ ওপৰত যোৱাৰ লগে লগে ঘৰৰ পৰা ৰোগীসকলক আনিব নোৱাৰা হ’ম। তেতিয়া মৃতকৰ সংখ্যা বৃদ্ধি পাব আৰু সমস্যা অধিক জটিল হৈ পৰিব।‘

‍‘গুৱাহাটী মহানগৰীৰ পৰা বেছি কেছ অহা আৰম্ভ হৈছে। কালি যিমান কেচ হৈছিল তাৰে ৪৮-৪৯ শতাংশ গোচৰ গুৱাহাটী মহানগৰীৰ পৰা আহিছিল। দ্ৰুতগতিত বৃদ্ধি পাইছে এই সংখ্যা।১৫ জুনৰ ১০৬১৭ গৰাকী লোকৰ চেম্প’ল সংগ্ৰহ কৰা হৈছে। তাৰে ভিতৰত ৭৬২ গৰাকী লোক আক্ৰান্ত হৈছিল। ৬৭৬ টা কেচ গুৱাহাটী মহানগৰীত গণ সংক্ৰমণ হৈছে। কালি ১৩৩ কেচ গুৱাহাটীৰ পৰাই পোৱা গৈছে’, এই কথা জনাই মন্ত্ৰী হিমন্তই।

উল্লেখ্য যে এই লকডাউনৰ সময়ছোৱাত সীমিত সংখ্যক কৰ্মচাৰীৰে বেংক তথা এ টি এম সমূহ খোলা থাকিব বুলি জানিবলৈ দিয়ে।