নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাত মণিপুৰত মঙলবাৰে সৰ্বাত্মক বন্ধ ঘোষণা

প্ৰতিনিধিত্বমূলক ফটো

প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত মণিপুৰ পিপ’ল এগেইনষ্ট চিটিজেনশ্বিপ (এমেণ্ডমেণ্ট) বিল ২০১৬ (MANPAC)-এ মঙলবাৰে ৰাজ্যজুৰি ১৮ ঘণ্টীয়া সৰ্বাত্মক বন্ধ ঘোষণা কৰিছে।

আজি অৰ্থাৎ সোমবাৰে নিশা ১২ বজাৰ পৰা মঙলবাৰে সন্ধিয়া ৬ বজালৈকে এই বন্ধ বাহাল থাকিব।

উল্লেখযোগ্য যে আজিৰ পৰা আৰম্ভ হ’বলগীয়া লোকসভাৰ শীতকালীন অধিৱেশনত এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত অসম, মেঘালয়, মণিপুৰকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনত বিভিন্ন দল-সংগঠনে আৰম্ভ কৰিছে প্ৰতিবাদী আন্দোলন।

মণিপুৰত মঙলবাৰে ঘোষণা কৰা বন্ধৰ পূৰ্বে আজি MANPAC-এ কেন্দ্ৰীয় চৰকাৰৰ উক্ত সিদ্ধান্তৰ বিৰোধিতাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব।

তেওঁলোকৰ উপৰি নৰ্থ-ইষ্ট ফ’ৰাম ফৰ ইণ্ডিজিনাচ পিপ’ল (NEFIP)ৰ উদ্যোগতো মণিপুৰত CABৰ বিৰোধিতাত ধাৰাবাহিক প্ৰতিবাদ গঢ়ি তোলা হ’ব বুলি সংগঠনটোৰ সভাপতি নিংথৌজা লানচাই কয়।

আনহাতে,উত্তৰ-পূব ছাত্ৰ সংগঠন (নেছ’)এ সোমবাৰে অঞ্চলটোৰ প্ৰত্যেক ৰাজ্যত প্ৰতিবাদ জনাব। সদৌ অসম ছাত্ৰ সন্থা আৰু আন জাতীয়, জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত গুৱাহাটীত আজি দিনৰ ১১ বজাৰ পৰা এই প্ৰতিবাদ আৰম্ভ হ’ব।