শিক্ষা মন্ত্ৰীক প্ৰত্যাহ্বান : অচল হৈ পৰিল ৰাজ্যৰ ৩৯ হাজাৰ প্ৰাথমিক বিদ্যালয়

SiddharthaBhatta-570x320-750x375

প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৈতে শিক্ষা মন্ত্ৰীৰ বৈঠকৰ ফাইল ফটো

নিজৰ প্ৰাপ্যৰ দাবীত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে গ্ৰহণ কৰা অসহযোগ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত সোমবাৰে ৰাজ্যখনৰ ৩৯হাজাৰ প্ৰাথমিক বিদ্যালয় সম্পূৰ্ণ অচল হৈ পৰে। ইয়াৰ বিপৰীতে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে গ্ৰহণ কৰা এই আন্দোলনৰ প্ৰতি চৰকাৰে কোনো সঁহাৰি জনোৱা নাই।

ইপিনে, প্ৰাথমিক শিক্ষকসকলৰ দাবীক গুৰুত্ব দিয়াৰ বিপৰীতে শিক্ষা মন্ত্ৰীয়ে ‘ভুকুতে কল পকাব বিচৰা’ৰ অভিযোগ আনি শিক্ষকসকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিয়ে। শিক্ষা মন্ত্ৰীৰ এনে দমনমূলক আচৰণত ক্ষুব্ধ হৈ পৰিছে শিক্ষকসকল।

প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে শিক্ষা মন্ত্ৰীক উভতি ধৰি কয় যে ২২৮ দিনে নপকা কল গেছ দিব লগা হোৱাটোৱেই স্বাভাৱিক। প্ৰয়োজন অধিক শক্তিশালী গেছ দিবলৈ প্ৰস্তুত বুলিও গোস্বামীয়ে এটা বিবৃতিযোগে ব্যক্ত কৰে।

গোস্বামীয়ে সপ্তম দৰমহা বিধিয়ে দিয়া প্ৰাপ্য দৰমহা সোতৰ মাহে ভোগ কৰাৰ পাছত মুহূৰ্তৰ ভিতৰতে ঘুৰাই ল’ব পৰা চৰকাৰখনে ঘুৰাই দিবলৈ বিলম্ব কৰাটো অন্যায় বুলি উল্লেখ কৰি কয় যে প্ৰাথমিক বিদ্যালয়ত মুৰব্বীৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰা শিক্ষা মন্ত্ৰীয়ে সেয়া কাৰ্যকৰী কৰিবলৈ ব্যৰ্থ হোৱাৰ বাবে তাক ঢাকিবলৈ আওপকীয়াকৈ শিক্ষকৰ দৰমহা কৰ্তনৰ ভাবুকি দিছে।

তেওঁ লগতে সেই ভাবুকিক গুৰুত্ব দিয়া নহয় বুলিও স্পষ্ট কৰি দিয়াৰ লগতে প্ৰাথমিক শিক্ষক সন্মিলনীৰ দাবীসমূহ সমাধান কৰিবলৈ শিক্ষা মন্ত্ৰীক দাবী জনায়।

আনহাতে, বিবৃতিটোৰ জৰিয়তে সন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰাই এটা মাহ পাৰ হৈ যোৱাৰ পাছতো বৃত্তি পৰীক্ষাৰ ফলাফল দিব নোৱাৰাটো আৰু ৰাজ্যখনৰ এক তৃতীয়াংশ ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথি নোপোৱাটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে।

তেওঁ লগতে কয় যে প্ৰাপ্যৰ বাবে প্ৰতিবাদ কৰা শিক্ষকসকলক ৰঙা চকু দেখুওৱাৰ পৰিৱৰ্তে সৰু সৰু সমস্যাবোৰ সমাধান কৰাৰ যত্ন কৰক। চৰকাৰৰ গুৰুত্বহীনতা তথা শিক্ষকৰ নায্য প্ৰাপ্তিৰ প্ৰতি অন্যায়ৰ বাবেই ৰাজ্যখনৰ ৫০ লাখ ছাত্ৰ-ছাত্ৰীয়ে পাঠগ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে বুলি স্পষ্ট কৰি দিয়ে।