সাম্প্ৰদায়িক মন্তৱ্য কৰি থাকিলে বিজেপিৰ পৰা পদত্যাগৰ হুংকাৰ উপ সভাপতি তৌফিক ৰহমানৰ

b87562ca-939f-4ded-9bd7-5d9dcbd6750a

সংবাদমেলত বিজেপিৰ উপ সভাপতি তৌফিক ৰহমান। ফটো : নৰ্থইষ্ট নাও

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই যোৱা ১৩ নৱেম্বৰৰ দিনা সংবাদ মেল অনুষ্ঠিত কৰি পূৰ্ববংগীয় মূলৰ মুছলমানখিনিয়ে মিলি মুছলমান ৰাষ্ট্ৰ নিৰ্মাণ কৰিব বিচৰা বুলি মন্তব্য কৰিছিল।

জয়ন্ত মল্ল বৰুৱাৰ তেনে মন্তব্যত ক্ষুব্ধ হৈ পৰিছে বিজেপিৰ ৰাজ্যিক উপ সভাপতি তৌফিক ৰহমান। ৰহমানে দলৰ মজিয়াৰ পৰাই পূৰ্ব বংগীয় মুছলমানক লৈ তেনে সাম্প্ৰদায়িক মন্তব্য নকৰিবলৈ সকীয়াই দিছে জয়ন্ত মল্ল বৰুৱাক।

ৰহমানে আজি বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত সংবাদ মাধ্যমৰ আগত কয়, “বিজেপি দল পূৰ্ববংগীয় মুছলমান সকলৰ বিৰোধী নহয়, বিজেপি দল বাংলাদেশী সকলৰ বিৰোধী।‘’

আনহাতে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘’সবকা সাথ সবকা বিকাশ” নীতিৰ কথা উল্লেখ কৰি তেওঁ লগতে কয়, “বিজেপি দল এতিয়াও সাম্প্ৰদায়িক হৈ উঠা নাই।”

তাৎপৰ্যপূৰ্ণভাৱে, যিদিনাই বিজেপি দল সাম্প্ৰদায়িক হিচাপে স্বীকৃতি পাব, সেইদিনাই তেওঁ বিজেপি দলৰ পৰা পদত্যাগ কৰাৰ হুংকাৰ দিয়ে।

প্ৰণিধানযোগ্য যে, যোৱা ৭ নৱেম্বৰৰ দিনা শিলাদিত্য দেৱক বিকৃত মস্তিষ্কৰ বিধায়ক আখ্যা দিছিল বিজেপিৰ উপ সভাপতিগৰাকীয়ে। তদুপৰি, উক্ত দিনটোতো ৰহমানে আজিৰ দৰেই এনেধৰণৰ মুছলমান বিৰোধী মন্তব্য কৰি থাকিলে বিজেপিৰ পৰা পদত্যাগৰ হুংকাৰ দিছিল ।

আনহাতে, বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ গৰাকীয়ে কৰা মন্তব্য দলৰ মন্তব্য নহয় বুলি দাবী কৰে ৰহমানে।

তাৰ বিপৰীতে কেইদিনমান পূৰ্বে একেটা দলৰে মুখপাত্ৰ ৰূপম গোস্বামীয়ে শিলাদিত্যৰ মন্তব্যৰ দোহাই দি কৈছিল যে দলৰ মুখপাত্ৰই কিবা মন্তব্য কৰিলেই সেয়া দলৰ মন্তব্য হয়।

এই সন্দৰ্ভত বিজেপি দলৰ দুমুখীয়া স্থিতিটো প্ৰকট হৈ পৰা দেখিবলৈ পোৱা গৈছে।

ইপিনে দলৰ মুখপাত্ৰই এনেধৰণৰ মন্তব্য কৰি থাকিলে আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত কংগ্ৰেছ, এআইয়ুডিএফে সুযোগ গ্ৰহণ কৰিব বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।