NORTHEAST NOW (Assamese)

বৰপেটাত কৃষক আত্মসহায়ক গোটৰ মাজত টেক্ট্ৰৰ বিতৰণ

May 28, 2020 7:39 pm · শশাংক তালুকদাৰ

মুখ্য মন্ত্ৰী গ্ৰাম্য সমগ্ৰ যোজনাৰ অধীনত আজি বৰপেটা জিলাৰ ৯ টা কৃষক আত্মসহায়ক গোটৰ মাজত ট্ৰেক্টৰ বিতৰণ কৰা হয়।

জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই পাঠশালাত আয়োজিত এটি চমু অনুষ্ঠানত এই ট্ৰেক্টৰ কেইখন আনুষ্ঠানিকভাৱে বিতৰণ কৰে।

অনুষ্ঠানত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, ভাৰপ্ৰাপ্ত জিলা কৃষি বিষয়া প্ৰফুল্ল বৰগোহাঁই আৰু মহকুমা কৃষি বিষয়া(তথ্য)প্ৰদীপ দাসো উপস্থিত থাকে।

ল’কডাউনৰ মাজতো কৃষি কৰ্ম যাতে বাধাগ্ৰস্ত নহয় সেই উদ্দ্যেশ্যে জিলা উপায়ুক্তৰ নিৰ্দেশত কৃষি বিভাগৰ জৰিয়তে সীমিত মাত্ৰাত ট্ৰেক্টৰ বিতৰণ কাৰ্য্য অব্যাহত ৰখা হৈছে।

বিগত মাৰ্চ মাহৰ পৰা আৰম্ভ কৰা ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচীৰ অধীনত এতিয়ালৈকে ৯১ খন ট্ৰেক্টৰ বিতৰণ কৰা হৈছে বুলি জনসংযোগ বিষয়াই জনাইছে।

এই বছৰটোত জিলাখনৰ ৪৩৮ টা কৃষক গোটক ৭০ শতাংশ ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ বিতৰণৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

Related News