মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কৃষি মন্ত্ৰী অতুল বৰা আৰু উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ কাৰ্গো টাৰ্মিনেল চেণ্টাৰত ডুৱাইলৈ কাৰ্গো বিমানেৰে ৰাজ্যখনৰ কৃষকৰ দ্বাৰা উৎপাদিত ৰঙালাউৰ ৰপ্তানি প্ৰক্ৰিয়াৰ ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে।
উল্লেখযোগ্য যে, ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ঘৰুৱা বিমান চলাচল দীৰ্ঘদিন বন্ধ ৰাখি খুলি দিয়াৰ পাছতে বিমানবন্দৰত বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে।
গুৱাহাটী বিমান বন্দৰত বৰ্তমানলৈ মুঠ ৩৮ খন বিমান অৱতৰণ কৰিছে। এতিয়ালৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৩৪২১ গৰাকী যাত্ৰী অসম আহি পাইছে।
মুখ্য মন্ত্ৰীয়ে সংবাদমাধ্যমৰ আগত অসমৰ কৃষকৰ উৎপাদিত সামগ্ৰী বৰঝাৰ বিমান বন্দৰস্থিত কাৰ্গো টাৰ্মিনেল চেণ্টাৰৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন ঠাইলৈ ৰপ্তানি কৰাৰ ব্যৱস্থা লোৱা হৈছে বুলি কয়।
ইতিমধ্যে ডুবাই, আবুঢাবি, লণ্ডন, হংকং, ছিংগাপুৰ ইত্যাদি ঠাইৰ বজাৰসমূহত অসমৰ কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰী হৈছে বুলি কৈ আজিও অসমৰ কৃষকৰ দ্বাৰা উৎপাদিত ৰঙালাউ ডুবাইলৈ ৰপ্তানি কৰাৰ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হৈছে বুলি সোণোৱালে কয়।
বৰ্তমান চৰকাৰৰ কাৰ্য্যকালতে বৰঝাৰ বিমান বন্দৰত ভাৰত চৰকাৰৰ সহযোগত তথা ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ তৎপৰতাত কাৰ্গো টাৰ্মিনেল বিল্ডিং নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি মুখ্য মন্ত্ৰীয়ে কয়।
এই কাৰ্গো ৱেৰ হাউছত ৫০ মেট্ৰিকটন কৃষিজাত সামগ্ৰী মজুত কৰাৰ ব্যৱস্থা থাকিব বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে ইয়াৰ পৰাই পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ অসমৰ কৃষকৰ দ্বাৰা উৎপাদিত কৃষিজাত সামগ্ৰী ৰপ্তানি কৰিবলৈ সক্ষম হ’ব বুলিও কয়।
আনহাতে, আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ উদ্যোগত পাণ্ডুৰ পৰা ষ্টীমাৰেৰে অসমৰ কৃষিজাত সামগ্ৰী ব্ৰহ্মপুত্ৰৰে বংগোপ সাগৰ হৈ বিভিন্ন প্ৰান্তলৈ ৰপ্তানিৰ পদক্ষেপ লৈ থকা হৈছে বুলিও সোণোৱালে কয়।