পৰম্পৰাগতভাৱে বিহুৰ উৰুকাৰ দিনা চলি অহা ৰীতি সাৰোগত কৰি শনিবাৰে নগাঁও জিলাৰ হাতীচোং মৌজাৰ ঐতিহাসিক দীঘলী বিলত সহস্ৰাধিক গঞাই সমূহীয়া মাছ ধৰা উৎসৱত ভাগ লয়। হাতে হাতে জাকৈ-খালৈ, জুলুকী, জাল, প’ল লৈ দীঘলি বিলত অঞ্চলটোৰ প্ৰায় ২০ খন গাঁৱৰ ৰাইজে এই সমূহীয়া মাছ ধৰা উৎসৱত অংশ লৈ মাছ ধৰে।
লনিবাৰে পুৱাৰ ভাগতেই হাতীচোং মৌজাৰ মাজগাঁও, কুজীডাঁহ, মেধিচুক, চকলাঘাট, জাজৰি, ক্ষেত্ৰীগাঁও, গজপুৰীয়া, চাউলখোৱা, খাটোৱাল, দৰঙীয়াল, বৰডুবীয়া, পুখুৰীপাৰ, নমাটি, জামুগুৰি, কমাৰচুক, ৰজাগাঁও, ৰাইডংগীয়া আদি দাঁতি কাষৰীয়া গাঁৱসমূহৰ পৰা মাছ ধৰাৰ বাবে দীঘলী বিলত ৰাইজ আহি উপস্থিত হয়।
দীঘলী বিলৰ দুয়োপাৰে সমূহীয়া মাছ ধৰা পৰ্ব উপলক্ষে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়। কোনোবাই শ’ল-বৰালিকে ধৰিলে আৰু কোনোবাই আকৌ পুঠি-খলিহনাতে সন্তুষ্ট থাকিব লগা হ’ল। আনহাতে, মাছ ধৰাৰ সমান্তৰালভাৱে বিলৰ পাৰতে বিহুগীত জুৰি, নৃত্য কৰি আনন্দত আত্মহাৰা হৈ পৰে একাংশ লোক।
প্ৰতি বছৰে বহাগ বিহুৰ উৰুকাৰ দিনা নগঞা ৰাইজে পৰম্পৰাগতভাৱে এই সমূহীয়া মাছ ধৰা উৎসৱ পালন কৰি আহিছে। এইবাৰো এই পৰম্পৰা ৰক্ষা কৰি শনিবাৰে সমগ্ৰ হাতীচোং অঞ্চলৰ ৰাইজৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক ৰাইজে মাছ ধৰা উৎসৱত অংশ লৈ প্ৰাণ খুলি আনন্দ উপভোগ কৰে।