বিজয়া দশমীৰ দেৱী বিসৰ্জনৰ বাবে মহানগৰীত যান-বাহনৰ নিয়ন্ত্ৰণ; জানি থওক কেনেকৈ যাব

ximmersion.jpg.pagespeed.ic.zNGD5YRwk1

প্ৰতিনিধিত্বমূলক ফটো

মঙলবাৰে বিজয়া দশমী উপলক্ষে আৰক্ষীৰ যান–বাহন শাখাই মহানগৰীত বিশেষভাৱে কিছু পথ নিৰ্দেশনা জাৰি কৰিছে।

মহানগৰীৰ বিভিন্ন পথেৰে যান-বাহন সমূহ কেনেদৰে যাব লাগিব তাৰ নিৰ্দেশনা দিয়া হৈছে। সেই অনুসৰি আপুনি মহানগৰীৰ ক’ৰবালৈ যাব লাগিলে নিৰ্দেশনাটো মন কৰক।

আজি বি বৰুৱা ৰোডত সাধাৰণ যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। সেইদৰে চানমাৰিৰ পৰা জালুকবাৰীলৈ সাধাৰণ যান-বাহনসমূহ এম চি ৰোডৰ পৰিৱৰ্তে জিএনবি ৰোড হৈ  যাব লাগিব।

তদুপৰি, জিএনবি ৰোডৰ পৰা যান-বাহনসমূহ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পইণ্ট হৈ এ টি ৰোডেৰে জালুকাবাৰীলৈ যাব লাগিব।

ইপিনে,জি এন বি আৰু কে এন বি পথেৰে অহা সাধাৰণ যান-বাহনসমূহ জিলা পুথিভঁৰাল, সন্দিকৈ কলেজৰ সন্মুখেৰে যোৱাটো নিষিদ্ধ কৰা হৈছে।

সেইদৰে জালুকবাৰী আৰু ভৰলুমুখৰ পৰা চানমাৰি, নুনমাটি আৰু দিচপুৰলৈ অহা সকলো যান-বাহন এম জি ৰোডৰ এপল’ পইণ্টত পৰা পথ সলনি কৰি টি আৰ পি ৰোডেৰে চলাচল কৰিব।

আনহাতে, টি আৰ পি পথৰ পৰা এইচ বি পথ অথবা এ টি ৰোডেৰে বাহনসমূহ গন্তব্য স্থানলৈ যাব পাৰিব বুলি কোৱা হৈছে।

ইপিনে, উজানবজাৰ, খাৰঘুলি আৰু নুনমাটিৰ পৰা অহা সকলো যান-বাহন তৈয়বুল্লা পথ হৈ এম জি ৰোডেৰে চলাচল কৰিব লাগিব।

তদুপিৰ, ফটাশিল আমবাৰী আৰু ভৰলুমুখৰ পৰা অহা সাধাৰণ যান-বাহনসমূহ এ টি ৰোড আৰু বি জি ৰোডেৰে পাণ্ডুলৈ যাব পাৰিব।