কৰ্ণাটকৰ বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত সংঘটিত হৈছে এক কৰুণ ঘটনা। খবৰ অনুসৰি বনাঞ্চলখনত বিষক্ৰিয়া হৈ কমেও ২০ টা বান্দৰৰ মৃত্যু হৈছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে মহাদেশ্বৰ পাহাৰ বন্যপ্ৰাণী অভয়াৰণ্যত কীটনাশকৰ ফলত চাৰিটা পোৱালিসহ এজনী বাঘিনীৰ মৃত্যু হৈছিল।
প্ৰাপ্ত তথ্য অনুসৰি, কৰ্ণাটকৰ চামৰাজনগৰ জিলাৰ গুণ্ডলুপেট তালুকত কেইবাটাও বস্তাত ২০টা বান্দৰ উদ্ধাৰ কৰা হৈছিল। ইয়াৰে দুটা বান্দৰ জীৱিত আছিল। জীৱিত থকা বান্দৰ দুটা বন বিষয়াই গুণ্ডলুপেটৰ চৰকাৰী পশু চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।
কৰ্ণাটকৰ বনমন্ত্ৰী ঈশ্বৰ খান্দ্ৰেই বান্দীপুৰ টাইগাৰ ৰিজাৰ্ভৰ বন সংৰক্ষক তথা আঞ্চলিক সঞ্চালক এছ প্ৰভাকৰনক বান্দৰৰ মৃত্যুৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।
বন বিষয়াগৰাকীয়ে কয় “মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হৈছে। প্ৰাৰম্ভিক প্ৰতিবেদনত প্ৰকাশ পাইছে যে এই মৃত্যু বিষক্ৰিয়াৰ ফলত হৈছে। আমি কোনো সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে ফৰেনছিক প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছো।”তেওঁ লগতে কয়, “কোনে এই কাম কৰিলে? এতিয়াও তদন্ত চলি আছে।” এম এম হিলছ বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাং চিকাৰীয়ে এটা নাহৰফুটুকীও হত্যা কৰিছিল। কৰ্ণাটকৰ বনমন্ত্ৰীয়েও ইয়াৰ তদন্তৰ নিৰ্দেশ দিছে।”