মাৰ্ঘেৰিটাৰ বৰফাকিয়ালত শিশুৰ কৰুণ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি

IMG-20190201-WA0072

স্থানীয় ৰাইজৰ ৰোষৰ বলি হোৱা মাৰ্ঘৰিটাৰ কেটেটং চিকিৎসালয়খন। ফটো : নৰ্থইষ্ট নাও

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত কেটেতঙৰ ২নং বৰফাকিয়াল গাঁৱত শুকুৰবাৰে বিয়লি ৩.৩০ মান বজাত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। এই দুৰ্ঘটনাটোত এটি প্ৰায় সাত বছৰীয়া শিশুৱে খেলি থকা অৱস্থাত ওপৰৰ পৰা মাটি খহি পৰাত থিতাতে কৰুণ মৃত্যুক আকোঁৱালি ল’ব লগা হয়।

স্থানীয় ৰাইজৰ অভিযোগ মতে, ডিগবৈ বন সংমণ্ডলৰ অধীনৰ পূব মাৰ্ঘেৰিটা বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কেটেতং,ৰাজখোৱা পথাৰ,বৰফাকিয়াল আদিত দীৰ্ঘদিনৰ পৰা বন বিভাগৰ সৈতে মাৰ্ঘেৰিটাস্থিত ইটা ভাটাৰ একাংশ মালিকে উক্ত গাঁৱৰ একাংশ যুৱকক অবৈধ মাটি খননত জড়িত কৰাই বৃহৎ মুনাফা লুটি অহাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে।

ইপিনে, এই সন্দৰ্ভত একমাত্ৰ কমিছনৰাজৰ বাবেই বন বিভাগে চকু মুদা কুলিৰ ভাও ধৰা বুলি চৰ্চিত হৈছে। দিনে নিশাই এক্সকেভেটৰৰ দ্বাৰা খনন কাৰ্য অব্যাহত ৰখাৰ বাবেই প্ৰকাণ্ড প্ৰকাণ্ড গাঁ‌তৰ সৃষ্টি হয়। শুকুৰবাৰে তেনে এটা গাঁ‌ততে পিন্টু গড় নামৰ এটি শিশুৱে খেলি থকা অৱস্থাত ওপৰৰ পৰা মাটি খহি দুৰ্ভগীয়া শিশুটো থিতাতে মৃত্যুমুখত পৰে যদিও ওচৰতে থকা কেটেতং অসামৰিক চিকিৎসালয়লৈ নিয়াত চিকিৎসালয়ত সেই সময়ত কোনো চিকিৎসক-নাৰ্ছ নথকাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উত্তেজিত স্থানীয় ৰাইজে চিকিৎসালয় খনলৈ শিল গুটি নিক্ষেপ কৰাৰ লগতে  চিকিৎসালয়খনৰ খিৰিকি, দৰ্জাৰ আইনা ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰি পৰিস্থিতি উত্তাল কৰি তোলে। অৱশ্যে, পৰৱৰ্তী সময়ত চিকিৎসালয় খনত মাৰ্ঘেৰিটা আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰে। ঘটনাস্থলীত মাৰ্ঘেৰিটা মহকুমাধিপতি উপস্থিতি নোহোৱা লৈকে শিশুটোৰ মৃতদেহ আৰক্ষীক উদ্ধাৰ কৰিবলৈ দিয়া নহব বুলিও উত্তেজিত ৰাইজে দাবী জনায়।

উল্লেখ্য যে দীৰ্ঘদিন কেটেতং চিকিৎসালয়খনত চিকিৎসক সময়ত উপস্থিত নথকাৰ অভিযোগ উত্থাপন হৈ অহাৰ লগতে বিভিন্ন বিজুতি থকাৰ অভিযোগ কৰি আহিছে স্থানীয় ৰাইজে। বৃহৎ মাৰ্ঘেৰিটা অঞ্চলৰ চিকিৎসালয় সমূহৰ ভিতৰত কেটেতং চিকিৎসালয় খনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে যদিও দীৰ্ঘদিন ধৰি চিকিৎসকৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছে।