NORTHEAST NOW (Assamese)

মৰিগাঁও জিলাত মৰ্মান্তিক ঘটনা! প্ৰেমৰ বাবে চৰম পন্থা অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ

January 25, 2025 1:36 pm · এন ই নাও নিউজ, গুৱাহাটী

মৰিগাঁৱ জিলাত ঘটিছে এক অঘটন৷ মৰিগাঁৱৰ চৰাইবাহীৰ বৰৰ্ভগীয়াত চিপ লৈ ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাচি লয়।

মৃত ছাত্ৰী গৰাকীৰ নাম ৰিম্পী দেৱী।

চৰাইবাহী আঞ্চলিক মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী আছিল ৰিম্পী দেৱী।

প্রেমজনিত কাৰণত ছাত্ৰীগৰাকীয়ে এই পন্থা বাচি লয় বুলি জানিব পৰা গৈছে। ৰিম্পীয়ে মৃত্যুৰ পূৰ্বে লিখি থৈ গৈছে ছুইচাইড নোট।

ছুইচাইড নোটত ছাত্ৰীগৰাকীয়ে বহু আপত্তিজনক কথা লিখি থৈ গৈছে বুলি জানিব পৰা গৈছে ।

ঘটনাৰ সন্দৰ্ভত মৰিগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

তদুপৰি ঘটনাটোৰ উচিত তদন্ত বিচাৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসীয়ে।

Related News