• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চলি আছে কাৰ্বি আংলঙৰ অবৈধ কয়লাখনি, পোহৰলৈ আহিছে ছবি আৰু ভিডিঅ’ : চকু মুদা কুলিৰ ভূমিকাত চৰকাৰ-প্ৰশাসন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2025 1:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক উলংঘা কৰি হিমন্ত বিশ্ব শৰ্মাৰ আমোলত এতিয়া চলি আছে নিষিদ্ধ ৰেট হ’ল কয়লা খনন। আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ ঘোষণাৰ পাছতো ৰাজ্যত বন্ধ হোৱা নাই অবৈধ কয়লা খননৰ ছিণ্ডিকেট। উমৰাংছ’ৰ কয়লা খনিৰ ট্ৰেজেডীৰ পিছতে ৰাজ্যত অবৈধ ৰেট হ’ল কয়লা খনন বন্ধ কৰা হ’ব বুলি ঘোষণা কৰিছে ৰাজ্য বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে।

জিপি সিঙৰ এই নিৰ্দেশৰ পাছতে তিনিচুকীয়াৰ কেবাটাও অবৈধ ৰেট হল কয়লা খনি ধ্বংস কৰিছিল প্ৰশাসনে। কিন্তু আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ এই ঘোষণাও যেন অসাৰ হৈ পৰিছে। এক শক্তিশালী চক্ৰৰ ছত্ৰছায়াত এতিয়াও ৰাজ্যত অবৈধ কয়লা খনন চলি আছে। 

Apply Now

অসমক ছিণ্ডিকেট শূন্য বুলি দাবী কৰি অহা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আমোলতে এতিয়াও চলি আছে উচ্চতম ন্যায়ালয়ে নিষিদ্ধ কৰা কয়লা খনন। অৰ্থাৎ ন্যায়ালয়ৰ নিৰ্দেশক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্য চলাই থকা হৈছে অবৈধ কয়লা খনন। উমাৰংছ’ৰ কয়লা খনিৰ ট্ৰেজেডীৰ পিছতে পোৰহলৈ আহিছে কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত অব্যাহত থকা নিষিদ্ধ কয়লা খননৰ তথ্য।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননাৰে কাৰ্বি আংলঙৰ ডিলাই থানাৰ অন্তৰ্গত কয়লাজান, বকলিয়া থানাৰ অন্তৰ্গত ডিছ’বাইৰ ওচৰৰ চাইনিলাংছ’, লাংমিলি আৰু ত ক্লুৰডুংত ব্যাপক হাৰত ৰেট হোল মাইনিং চলি আহিছে। কয়লাজান, লাংমিলি, পাট্ৰাদিছা, ডিছ’বাই, ছাইনিলাংছ’, কুৰদোং, কয়লামাটি আদি অঞ্চলত ছিণ্ডিকেট চক্ৰই বন বিভাগ আৰু আৰক্ষী-প্ৰশাসনৰ চকুৰ আগতে বাধাহীনভাৱে চলাই থকা নিষিদ্ধ ৰেট হোল মাইনিঙৰ ভিডিঅ’ আৰু ছবি সংগ্ৰহ কৰাৰ পিচতেই ছিণ্ডিকেটৰ ভয়ানক তথ্য পোহৰলৈ আনিছে।

কাৰ্বি আংলং জিলাৰ এই অবৈধ কয়লা খনিসমূহো যিকোনো মুহূৰ্ততে উমৰাংছ’ৰ দৰে অভিশপ্ত হৈ পৰিব পাৰে। এই ভিডিঅ’সমূহে হিমন্ত বিশ্ব শৰ্মাৰ আমোলৰ ছিণ্ডিকেটশূন্য অসমৰ প্ৰকৃত ছবিখন উন্মুক্ত কৰি দিছে বুলিও এতিয়া চৰ্চা চলিছে। ডিলাই থানাৰ কয়লাজানত উমৰাংচুতকৈও অতি বিপজ্জনকভাৱে ৰেট হোল মাইনিঙৰ জৰিয়তে শ্রমিকে অবাধ হাৰত কয়লা খান্দি ওপৰলৈ তুলি থকা দৃশ্য পোহৰলৈ আহিছে। নিষিদ্ধ সুৰংগকেইটাত ৩০-৪০ জনৰো অধিক শ্রমিক নিয়োজিত হৈ থকাৰ কথা জানিব পৰা গৈছে। প্ৰায় এশ-দুশ ফুট গভীৰৰ পৰা এটা বাঁহৰ খাঙত প্রতিবাৰে ৬০০ টকাৰ বিনিময়ত এবোজা কয়লা কঢ়িয়াই আনে শ্ৰমিকসকলে।

কাৰ্বি আংলং জিলা বিজেপি নেতাসকলে জিলাখনত কোনো কয়লা খনন হোৱা নাই বুলি দাবী কৰাৰ লগতে অসম চৰকাৰেও কাৰ্বি আংলঙত কয়লাৰ ৰেট হোল মাইনিং নাই বুলি দাবী কৰি আহিছে। কিন্তু এই দাবীৰ বিপৰীতে জিলাখনত যে অবৈধ কলয়া খননৰ ছিণ্ডিকেট চলি আছে এই কথা প্ৰমাণ হৈ পৰিছে। অসমৰ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে অসমৰ সকলো ৰেট হোল মাইনিং বন্ধ কৰিবলৈ সকলো জিলাৰ আৰক্ষী অধীক্ষকলৈ কঠোৰ নিৰ্দেশ প্রদান কৰিছিল। ইয়াৰ পিচতো কাৰ্বি আংলং জিলাৰ কয়লাজানকে ধৰি চিলনীজান, ডিছ’বাই, লাংমিলি, নামবৰ হাবিৰ সমীপত কিদৰে অবাধ হাৰত মুক্তভাৱে কয়লা খনন চলি আছে, সেইটো ৰহস্যজনক হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আশীৰ্বাদপুষ্ট নহ’লে এইদৰে কয়লা খননৰ ছিণ্ডিকেট চলি থকাটো সম্ভৱপৰ নহয়। প্ৰশ্ন উঠিছে আৰক্ষী সঞ্চালক প্ৰধানৰ কঠোৰতাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কোনো শক্তিশালী চক্ৰৰ কৃপাতে এই ছিণ্ডিকেট চলি আছে নেকি?কাৰ্বি আংলং জিলাৰ এই অবৈধ কয়লা খনিসমূহো যিকোনো মুহূৰ্ততে উমৰাংছ’ৰ দৰে অভিশপ্ত হৈ পৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd