ওৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে মৃত্যু এজনৰ

road accident at Orang

ওৰাঙত দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন

ৰাজ্যত ক্ৰমে বৃদ্ধি পাই আহিছে পথ দুৰ্ঘটনাৰ সংখ্যা। আজি ওদালগুৰি জিলাৰ ওৰাঙত সংঘটিত এটা ভয়ংকৰ পথ দুৰ্ঘটনাত নৰেন বৈশ্য (৬৫) নামৰ লোকজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে তেওঁৰ পুত্ৰ শুভম বৈশ্য (১৫) গুৰুতৰ ভাবে আহত হয়।

দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা নৰেন বৈশ্যৰ ঘৰ নলবাৰীত। গুৰুতৰ ভাবে আহত শুভমক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

ঘটনাৰ বিৱৰণী অনুসৰি তেজপুৰৰ ফালৰ পৰা আহি থকা এ এছ ০১-এ কিউ-০২৮৩ নম্বৰৰ মাৰুতি ছুজুকি গাড়ীখনৰ বিপৰীত দিশৰ পৰা আহি থকা এ এছ ১২-এ চি-০৮৫৮ নম্বৰৰ দ্ৰুতবেগী আলট্ৰা বাছ এখনৰ লগত ওদালগুৰি জিলাৰ ওৰাং থানাৰ অন্তৰ্গত কলাগুৰু বিষ্ণু ৰাভা মহাবিদ্যালয়ৰ কাষত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ জোৰে মুখামুখি সংঘৰ্ষ হয়।

এই সংঘৰ্ষৰ ফলত নৰেন বৈশ্যৰ থিতাতে মৃত্য ঘটে আৰু পুত্ৰ শুভম বৈশ্য গুৰুতৰ ভাবে আহত হয়।

দুৰ্ঘটনাৰ খবৰ লাভ কৰি ওৰাং থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰ ভাবে আহত শুভম বৈশ্য আৰু পিতৃক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে নৰেন বৈশ্যক মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰিছে।

উল্লখযোগ্য যে, অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অৱস্থা অতি জৰাজীৰ্ণ হৈ থকাৰ ফলত পথ দুৰ্ঘটনাৰ সংখ্যা ক্ৰমাগতভাবে বৃদ্ধি পাবলৈ ধৰিছে। প্ৰতিদিনে ৰাজ্যত সংঘটিত হোৱা পথ দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে।