বাক্সা জিলাৰ তামুলপুৰত শোকাৱহ পথ দুৰ্ঘটনা; এজন যুৱকৰ মৃত্যু

Accident

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখাটাত আজি দুপৰীয়া সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত জয়ন্ত পাটোৱাৰী (২৭) নামৰ এগৰাকী যুৱক নিহত হোৱাৰ উপৰি মেৰাজুল ইছলাম নামৰ আন এগৰাকী লোক গুৰুতৰভাৱে আহত হয়।

পথ দুৰ্ঘটনাটোত অষ্টম শ্ৰেণীৰ ছাত্ৰ এগৰাকীৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

জানিব পৰা মতে, কামৰূপ জিলাৰ ৰঙিয়া থানাৰ অন্তৰ্গত জয়ন্তীপুৰ গাঁওৰ দিলীপ পাটোৱাৰীৰ পুত্ৰ জয়ন্ত পাটোৱাৰী (২৭) আৰু ৰঙিয়াৰ মূৰাৰাৰ মুনীন্দ্ৰ ডেকাৰ পুত্ৰ হিমাংশু ডেকাই ৰঙিয়া- তামুলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় পথেৰে ৰঙিয়াৰ পৰা তামুলপুৰলৈ এ এছ ০১বিএন ৮১৬৭ নম্বৰৰ বাইক খনেৰে আহি আছিল।

একে সময়তে হাজোৰ মেৰাজুল ইছলাম নামৰ লোকজনে চলাই অহা এছ এছ ০১ এ ৱাই ৪৮৫০ নম্বৰৰ বাইকখনৰ সৈতে দুয়োখন বাইকৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত জয়ন্ত পাটোৱাৰী আৰু মেৰাজুল ইছলাম গুৰুতৰ ভাবে আহত হয় যদিও হিমাংশু ডেকা নামৰ ছাত্র জনৰ কোনো ধৰণৰ আঘাত নোপোৱাকৈ ৰক্ষা পৰে।

স্থানীয় লোকে ঘটনা সন্দৰ্ভত তামুলপুৰ আৰক্ষীক খবৰ দিয়াত তামুলপুৰ আৰক্ষী থানাৰ উপ সহকাৰী পৰিদৰ্শক কামেশ্বৰ বড়োৰ নেতৃত্বত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় ৰাইজৰ সহায়ত আহত দুয়োগৰাকীকে তামুলপুৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসকে প্ৰাথমিক পৰীক্ষাৰ অন্তত জয়ন্তক মৃত বুলি ঘোষণা কৰে।

আনহাতে গুৰুতৰ ভাৱে আহত হয় মেৰাজুল ইছলাম নামৰ যুৱকজনক তামুলপুৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতাললৈ প্ৰেৰণ কৰা হয়।