এতিয়া ১০ৰ ঠাইত ১১ সংখ্যাৰ হ’ব আপোনাৰ মোবাইল নম্বৰ; কিহৰ বাবে ট্ৰাইৰ এই সিদ্ধান্ত?

Woman_with_Phone_in_Hand

প্ৰতিনিধিত্বমূলক ফটো

মোবাইল ফোনত বৰ্তমানৰ ১০টা সংখ্যাৰ ঠাইত ১১টা সংখ্যাৰ বাবে সাজু হওক। অতি সোনকালেই ফোন নম্বৰসমূহ ১০টা সংখ্যাৰ ঠাইত ১১টা সংখ্যা হ’বলৈ গৈ আছে।

ইয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা পৰামৰ্শ আগবঢ়োৱা হৈছে আৰু শীঘ্ৰেই ইয়াক প্ৰৱৰ্তন কৰা হ’ব।

টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া (TRAI)ই শুকুৰবাৰে দেশত ১১টা সংখ্যাৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ সদৰী কৰিছে।

ট্ৰাইৰ মতে ১০টা সংখ্যাৰ ঠাইত ১১টা সংখ্যালৈ মোবাইল নম্বৰ সলনিৰে দেশত অধিক নম্বৰ আগবঢ়াব পৰা যাব।

ট্ৰাইৰ মতে, যদি মোবাইল নম্বৰ ১০টা সংখ্যাৰ ঠাইত ১১টা সংখ্যাৰ কৰা যায় তেতিয়াহ’লে ১০ বিলিয়ন মোবাইল নম্বৰ আগবঢ়াব পৰা যাব।

মোবাইল নম্বৰ ১১টা সংখ্যাৰ কৰিলে আৰু প্ৰথম সংখ্যাটো ৯ ৰাখিলে দেশত ১০ বিলিয়ন মোবাইল নম্বৰ সৃষ্টি কৰিব পৰা যাব।

ট্ৰাইয়ে লগতে পৰামৰ্শ আগবঢ়াইছে যে লেণ্ডলাইনৰ পৰা মোবাইল ফোনলৈকে কল কৰাৰ বাবে মোবাইল নম্বৰৰ প্ৰথমতে শূন্য লগোৱাটো জৰুৰী হোৱা উচিত।

তদুপৰি, এক নেশ্যনেল নাম্বাৰিং প্লেনৰো পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ লগতে ট্ৰাইয়ে ডংগলছৰ বাবে ব্যৱহাৰ হোৱা মোবাইল নম্বৰ ১০টা সংখ্যাৰ ঠাইত ১৩টা সংখ্যা কৰাৰ পৰামৰ্শ দিছে।

মুঠতে এতিয়া সকলোৰে মোবাইল নম্বৰ ১০টা সংখ্যাৰ ঠাইত ১১টা সংখ্যা হ’ব।

উল্লেখযোগ্য যে বিগত কেইবছৰত মোবাইল ফোনৰ গ্ৰাহকৰ বৰ্দ্ধিত সংখ্যালৈ চাই ট্ৰাইয়ে মোবাইল নম্বৰ ১০ সংখ্যাৰ ঠাইত ১১টা সংখ্যাৰ কৰাৰ বিষয়ে চিন্তা-চৰ্চা চলাই আহিছিল।