NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ বৰগোলাইত ৰে’ল দুৰ্ঘটনা: চিৰিৰ পৰা পিচলি পৰিল লিডু মাৰ্ঘেৰিটা-গুৱাহাটী অভিমুখী ইন্টাৰচিটি ৰে’ল

June 27, 2021 6:14 pm · মানস প্ৰতিম গগৈ
*

মাৰ্ঘেৰিটাৰ বৰগোলাইত সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা।

লিডু মাৰ্ঘেৰিটা – গুৱাহাটী অভিমুখী ইন্টাৰ চিটি ৰে’ল খন আজি দুৰ্ঘটনাত পতিত হয়। কিছুদূৰ গৈয়ে বৰগোলাই নামে ঠাইত ৰে’ল খন চিৰিৰ পৰা পিচলি পৰে ।

 

অৱশ্যে সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনোলোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ।

অধিক গতিবেগ হোৱাৰ বাবেই ৰে’ল খন দুৰ্ঘটনাগ্ৰস্ত হয় বুলি ভবা হৈছে।

অৱশ্যে তদন্তৰ পিছতহে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। দুৰ্ঘটনাৰ ফলত প্ৰায় ১৫০ মিটাৰ ৰেল পথ ভাঙি যায়।

ঘটনাস্থলীত উপস্থিত হৈছে ৰে’ল বিভাগৰ উদ্ধাৰকাৰীৰ দল।

Related News