শনিবাৰে পুৱাই বাছ-ৰে’লৰ ভয়ংকৰ সংঘৰ্ষ, থিতাতে নিহত ১১ জন

a train-4

শনিবাৰে পুৱাই এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ল।

এখন যাত্ৰীবাহী বাছৰ সৈতে দুৰন্ত গতিৰে আহি থকা ৰে’ল এখনৰ সংঘৰ্, লগাৰ ফলত ১১ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ লগতে আন বহু কেইজন লোক গুৰুতৰ ভাবে আহত হয়।

আহতসকলৰ অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ সংখ্যা আৰু বৃ্দ্ধি পাব পাৰে বুলি সন্দেহ কৰা হৈছে।শোকাৱহ এই দুৰ্ঘটনাটো সংঘটিত হৈছে  বাংলাদেশত ।

আজি পুৱা ৭ বজাত বাংলাদেশৰ জয়পুৰহাটৰ পুৰণিপৈল ৰে’ল ক্ৰছিঙত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত ৰে’ল ক্ৰছিঙৰ গেটমেন জনে শুই আছিল।

সেইবাবে তেওঁ ৰে’ল অহাৰ সময়ত গেট বন্ধ কৰিবলৈ পাহৰি গৈছিল।

জয়পুৰহাটৰ আৰক্ষী অধীক্ষক ছালাম কবিৰে প্ৰকাশ কৰা মতে জয়পুৰহাটৰ পৰা পাঁচবিবিলৈ গৈ থকা বাছ খনৰ সৈতে পাৰ্বতীপুৰ-ৰাজশাহী এক্সপ্ৰেছৰ সংঘৰ্ষ হয়।

দুৰ্ঘটনাটোত আহত পাঁচ জন লোকক জয়পুৰহাটৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য বিগত বৰ্ষতো বাংলাদেশৰ কচবা অঞ্চলত দুখন যাত্ৰীবাহী ৰে’লৰ মুখামুখি সংঘৰ্ষ হৈছিল।এই ঘটনাতো বহু কেইজন লোকৰ মৃত্যু ঘটিছিল।

আজিৰ ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে বাংলাদেশৰ ৰে’ল বিভাগে।