‘কৰ দিয়ক, আশীৰ্বাদ লওক’ শ্লোগানেৰে এজাক কিন্নৰ ব্যস্ত কৰ সংগ্ৰহত

Story-2-2-750x375

কৰ সংগ্ৰহৰ মূহুৰ্তত কিন্নৰৰ দলটো।

ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰৰ পৌৰ নিগম (বি এম চি) এ পৰিশোধ কৰিবলৈ বাকী থকা কৰ আদায়ৰ বাবে গ্ৰহণ কৰা এক অভিনৱ পদক্ষেপে দৃষ্টি কাঢ়িছে দেশবাসীৰ।

এই কৰ আদায়ৰ বাবে বি এম চিয়ে বনাইছে এটা কিন্নৰৰ দল। এই কিন্নৰৰ দলটোৱে ৰাজ্যখনত মুঠ বাকী থকা ১১ কোটি টকা কৰ আদায়ৰ চেষ্টা চলাব।

দহ গৰাকী সদস্যৰে গঠিত এই দলটোৱে সম্প্ৰতি POS মেচিনৰ সহায়েৰে কেনেদৰে কৰ সংগ্ৰহ কৰিব পাৰি তাৰ বাবে তিনিমাহৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।

কৰ সংগ্ৰহ কৰা এই দলটোক য়ুনিফৰ্ম, পৰিচয়পত্ৰ আৰু বাহনৰ ব্যৱস্থা কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে।

‘কৰ দিয়ক, আশীৰ্বাদ লওক’ শ্লোগানেৰে কিন্নৰৰ দলটোৱে কৰ দিবলৈ বাকী থকা লোকসকলৰ পৰা কৰ আদায়ৰ চেষ্টা কৰিছে।

কৰ সংগ্ৰহকাৰী দলটোৱে প্ৰথম দিনটোত ৭০ হাজাৰ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

‘বাকী মাহ কেইটাটো এই দলটোৱে কৰ আদায় দিবলৈ বাকী থকা লোকসকলৰ ঘৰলৈ যাব’, বি এম চিৰ এগৰাকী বিষয়াই এই কথা জনায়।

‘আমাক এনেধৰণৰ মহান কামৰ সৈতে জড়িত হোৱাৰ সুযোগ প্ৰদান কৰাৰ বাবে বি এম চি আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো’, ইণ্ডিয়া টুডেত প্ৰকাশিত মেঘনা চাহু নামৰ এগৰাকী কিন্নৰৰ মন্তব্য।

উল্লেখ্য যে এই দলটোৱে প্ৰত্যেক মাহৰে পাঁচ তাৰিখে কিমান টকাৰ কৰ সংগ্ৰহ কৰিলে তাৰ সবিশেষ বি এম চিক প্ৰদান কৰিব।

আনহাতে বি এম চিয়ে জনোৱা অনুসৰি যদিহে এই বিশেষ দলটোৱে মাহত ৪০ লাখ টকাৰ কৰ সংগ্ৰহ কৰে তেন্তে তেওঁলোকক ইয়াৰ এক শতাংশ ধন প্ৰদান কৰা হ’ব।