NORTHEAST NOW (Assamese)

গণেশগুৰিত নিৰ্মীয়মাণ অ’ভাৰব্ৰীজৰ বাবে গুৱাহাটীৰ পাঞ্জাবাৰী-জালুকবাৰী চিটিবাছৰ পথ সলনি

September 18, 2019 1:06 pm · অনিৰ্বাণ পাঠক
Updated: September 18, 2019 1:36 pm

গণেশগুৰিত এখন অ’ভাৰব্ৰীজ নিৰ্মাণ হৈ থকা বাবে যানজঁট হ্ৰাস কৰিবলৈ পৰিবহণ বিভাগে এই পথেৰে যোৱা কিছু সংখ্যক বাছৰ পথ সলনি কৰিছে।

এই সালসলনিবোৰ অহা ১৯ ছেপ্টেম্বৰৰ পৰাই কাৰ্য্যকৰী হ’ব।

প্ৰতিনিধিত্বমূলক ছবি।

নতুন পথনিৰ্দেশনা মতে, পূৰ্বে পাঞ্জাবাৰীৰ পৰা ছয়মাইল-দিচপুৰ-গণেশগুৰি হৈ আৰ জি বৰুৱা পথেৰে চানমাৰিত ওলাই জালুকবাৰীলৈ যোৱা চিটিবাছ সমূহ এতিয়া পাঞ্জাবাৰীৰ পৰা ছয়মাইল-ভি আই পি ৰ’ড-নাৰেংগী-নুনমাটি হৈ জালুকবাৰীলৈ যাব।

কিন্তু ঘূৰি আহোঁতে অৱশ্যে জালুকবাৰীৰ পৰা পূৰ্বৰ পথেৰেই পাঞ্জাবাৰীলৈ আহিব পাৰিব চিটি বাছসমূহ, জনালে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া বাপন কলিতাই।

পাঞ্জাবাৰীৰ পৰা গণেশগুৰি-চানমাৰি আৰ জি বৰুৱা পথেৰে জালুকবাৰীলৈ নিতৌ প্ৰায় ১০০খন বাছ চলাচল কৰে।

Related News