ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী বতাহ; ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা

WhatsApp Image 2020-12-10 at 4.03.59 PM

প্ৰতিনিধিত্বমূলক ফটো।

আগন্তুক ১৭ ডিছেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা পৰিষদীয় নিৰ্বাচনৰ সমুখ সমৰত জয়ী হ’বলৈ সমষ্টিয়ে সমষ্টিয়ে শাসক-বিৰোধীৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলে উত্তপ্ত কৰি তুলিছে নিজৰ প্ৰচাৰ অভিযান।

এই লৈ ১০ নং তেতেলীয়া সমষ্টিটো শাসক-বিৰোধীৰ প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ উঠি-পৰি লাগিছে।

উল্লেখ্য যে সমষ্টিটোত এইবাৰ শাসকীয় দলৰ খগেন চন্দ্ৰ বৰদলৈ, কংগ্ৰেছৰ মতিৰাম দেউৰী আৰু তিৱা জাতীয় ঐক্য মঞ্চৰ মনোনীত ধৰ্মসিং বৰদলৈয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে।

নিৰ্বাচন যুদ্ধত  তিনিগৰাকী শক্তিশালী প্ৰাৰ্থীৰ ভিতৰতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভ্ৰাৱনা আছে যদিও পূৰ্বে দুটাকৈ কাৰ্যকালত বৰ্তমান শাসকীয় দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী খগেন চন্দ্ৰ বৰদলৈৰ প্ৰতি এইবাৰ সমষ্টিৰ গৰিষ্ঠ সংখ্যক ভোটাৰ বিতুষ্ট হৈ পৰিছে।

কিয়নো বিগত সময়ত বৰদলৈয়ে সমষ্টি উন্নয়ণ পূঁজিৰ ধন আত্মসাৎ,বিভিন্ন দুৰৰ্নীতি কেলেংকাৰীত লিপ্ত থকাৰ উপৰি শাসন আৰু ক্ষমতাৰ লালসাত পৰিষদখনকে অস্থিৰ কৰি তুলিছিল বুলি সমষ্টিবাসী ৰাইজৰ মুখে-মুখে চৰ্চা লাভ কৰিছিল।

তেনে সন্ধিক্ষনত এইবাৰ পৰিষদীয় নিৰ্বাচনত গেৰুৱা দলটোৰ মনোনীত সদস্যগৰাকীয়ে যে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব সেয়া নিশ্চিত বুলি সমষ্টিটোৰ সচেতন ভোটাৰ ৰাইজৰ মাজত আলোচিত হৈছে।

সেই সুযোগ গ্ৰহণ কৰি জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মতিৰাম দেউৰী আৰু অগপ, আপৰ সমৰ্থিত তিৱা জাতীয় ঐক্য মঞ্চৰ প্ৰক্ষেপিত পাৰ্থী ধৰ্মসিং বৰদলৈয়ে নিৰ্বাচনত জয়ী হোৱাৰ ৰণকৌশল তৈয়াৰ কৰি ইতিমধ্যে সাধাৰণ ভোটাৰ ৰাইজৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে।

৭৭৩৯ জন ভোটাৰ থকা ৩৬ জনীয়া সদ্যৰে পৰিবেষ্টিত পৰিষদখনৰ  অন্যতম সমষ্টি হিচাপে পৰিগণিত ১০ নং তেতেলীয়া সমষ্টিটোৰ সাধাৰণ ভোটাৰেহে নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ ৰাজনৈতিক ভাগ্যৰ চকৰি।

উল্লেখৰ আৱশ্যক যে, ১০ নং তেতেলীয়া সমষ্টিটোত জনজাতীয় ভোটৰ তুলনাত সাধাৰণ ভোটাৰৰ সংখ্যাই কেইবাটাও ৱাৰ্ডত সৰ্বাধিক। সেই দিশৰ পৰা সমষ্টিটোত সাধাৰণ ভোটাৰেহে নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে।

গতিকে বিগত সময়বোৰত সমষ্টিবাসীৰ উন্নয়ণৰ দিশত পাই অহা তিতা-মিঠা সোৱাদৰ পুঞ্জীভূত ক্ষোভ এইবাৰ নিৰ্বাচনতে বহিঃপ্ৰকাশ হ’ব বুলি অঞ্চলটোৰ ৰাজনৈতিক বিশ্লেষক মহলত ব্যাপক চৰ্চা লাভ কৰিছে।