NORTHEAST NOW (Assamese)

ভাৰতৰ ‘বৃক্ষমাতা’! জনজাতীয় পৰিৱেশকৰ্মী পদ্মশ্ৰী তুলসী গৌড়াৰ দেহাৱসান

December 17, 2024 1:38 pm · এন ই নাও নিউজ, নতুন দিল্লী
Updated: December 17, 2024 1:39 pm

ভাৰতৰ ‘বৃক্ষমাতা’ তুলসী গৌড়াৰ দেহাৱসান ঘটিছে। সোমবাৰে কৰ্ণাটকৰ হোন্নালী গাঁৱত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। পদ্মশ্ৰী বঁটা বিজয়ী তুলসী গৌড়া আছিল এগৰাকী অনন্য তৃণমূল পৰ্যায়ৰ পৰিৱেশ কৰ্মী। তেওঁ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ছয় দশকৰো অধিক সময় ধৰি কেইবা লাখো গছ ৰোপণ কৰি দেশৰ লগতে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ।

‘বৃক্ষমাতা’ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হোন্নালি গাঁৱতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।

উত্তৰ কানাড়া জিলাৰ অংকোলা তালুকৰ হোন্নালি গাঁৱত জন্মগ্ৰহণ কৰিছিল তুলসীয়ে। হালাক্কি জনজাতি জনগোষ্ঠীৰ অন্তৰ্গত তুলসীয়ে যথেষ্ট দিনৰ পৰা বাৰ্দ্ধক্যজনিত সমস্যাত ভুগি আছিল।

ছয় দশকৰো অধিক সময় তেওঁ অংকোলা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত লাখ লাখ গছ ৰোপণ কৰাই নহয়, নিয়মিতভাৱে সেই গছবোৰ চোৱা-চিতা কৰি পৰিৱেশক অতুলনীয় কৰি তুলিছিল। বিভিন্ন প্ৰকাৰৰ উদ্ভিদৰ বিষয়ে তেওঁৰ জ্ঞান ইমানেই বেছি আছিল যে তেওঁক ‘উদ্ভিদৰ বিশ্বকোষ’ বুলি কোৱা হৈছিল।

অতি কম বয়সৰ পৰাই তুলসীয়ে পৰিবেশৰ লগত ঘনিষ্ঠ সংস্পৰ্শ গঢ়ি তুলিছিল। বন বিভাগৰ নাৰ্চাৰীত দৈনিক মজুৰিৰ কাম কৰিবলৈ আৰম্ভ কৰে। পিছলৈ তেওঁ পৰিবেশ সুৰক্ষাৰ প্ৰতীক হৈ পৰে।

তেওঁৰ অনবদ্য পৰিৱেশ সংৰক্ষণ আৰু বৃক্ষৰোপণৰ কামৰ বাবে ২০২১ চনত ‘পদ্মশ্ৰী’ লাভ কৰিছিল। দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে। পৰিবেশৰ কামৰ স্বীকৃতি স্বৰূপে ধাৰৱাড কৃষি বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। ইয়াৰ উপৰিও তুলসী গৌড়া ‘ভাৰত প্ৰিয়দৰ্শিনী বৃক্ষমিত্ৰ’ৰ লগতে আন বহু সন্মানেৰে সন্মানিত হৈছে।

Related News