প্ৰথমে তেওঁ কৈছিল হনুমান আদিবাসী। এতিয়া তেওঁ কৈছে যে আদিবাসীসকল হিন্দু নহয়। মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতা তথা প্ৰাক্তন বনমন্ত্ৰী উমাং সিংঘৰৰ এই মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। কংগ্ৰেছ নেতাগৰাকীক তীব্ৰ আক্ৰমণ কৰিছে বিজেপিয়ে।
ছিণ্ডৱাৰা জনজাতি উন্নয়ন পৰিষদৰ বৈঠক আৰু ৰাষ্ট্ৰীয় কৰমদাৰ পূজা কাৰ্যসূচীত ভাষণ দি কংগ্ৰেছ নেতাগৰাকীয়ে শাসকীয় দলটোক পোনপটীয়াকৈ আক্ৰমণ কৰে। বিজেপি আৰু আৰ এছ এছে আদিবাসী সমাজৰ ওপৰত হিন্দু পৰিচয় জাপি দিবলৈ চেষ্টা চলাইছে বুলি দাবী কৰে সিংঘৰে।
সিংঘৰে কয়, “মই বহুবাৰ কৈছো যে আদিবাসী হিন্দু নহয়। এয়া মোৰ বিশ্বাস আৰু আদিবাসী সমাজৰ অনুভৱ। আমাৰ নিজস্ব ৰীতি-নীতি, সংস্কৃতি আৰু জীৱন-ধাৰণৰ পদ্ধতি আছে। যদি আমি শস্য, গছ-গছনি আৰু প্ৰকৃতিক পূজা কৰো, তেন্তে বিজেপিৰ সমস্যা কিয় হ’ব?”
তেওঁ দাবী কৰে যে ইতিহাসে আদিবাসীসকলক দেশৰ আদিবাসী হিচাপে দেখুৱাইছে। তেওঁ অভিযোগ কৰে যে আৰ এছ এছে আদিবাসীসকলক তেওঁলোকৰ পৰম্পৰা আৰু সংস্কৃতিৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছে।
সিংঘৰে নিজৰ বক্তব্যৰ পক্ষ লৈ দাবী কৰে যে তেওঁৰ বক্তব্য কোনো বিশেষ ধৰ্মৰ ওপৰত আক্ৰমণ নহয়। তেওঁ কয়, ‘আমি কাকো অসন্মান নকৰো। মই হিন্দু ধৰ্ম বিশ্বাস কৰোঁ। কিন্তু বিজেপিয়ে তেওঁলোকৰ এজেণ্ডা আদিবাসীসকলৰ ওপৰত প্ৰয়োগ কৰিব বিচাৰে। অথচ আজিলৈকে কোনো জনজাতীয় ব্যক্তি আৰএছএছৰ মুৰব্বী হোৱা নাই।”
এই মন্তব্যক তীব্ৰ সমালোচনা কৰিছে বিজেপিয়ে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী দুৰ্গাদাস উইকে কয়, “সিংহৰৰ মন্তব্য সামাজিক সম্প্ৰীতি আৰু ঐক্যৰ বাবে ক্ষতিকাৰক।” উইকে কয়, “এই বক্তব্য সমাজখনক বিভাজিত কৰাৰ প্ৰয়াস। তেওঁ আদিবাসী সমাজৰ ওচৰত ক্ষমা খুজিব লাগে।”প্ৰসংগক্ৰমে ভাৰতৰ ভিতৰতে মধ্যপ্ৰদেশত আদিবাসীৰ জনসংখ্যা সৰ্বাধিক। ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ২১ শতাংশ জনজাতীয় লোক। ৰাজ্যখনৰ ২৩০খন বিধানসভাৰ আসনৰ ভিতৰত ৪৭খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত।