নামৰূপত ‘পথাৰৰ কবি’ ৰাম গগৈৰ ২৪ সংখ্যক মৃত্যু বাৰ্ষিকী উদ্‌যাপন

IMG-20180910-WA0059

‘পথাৰৰ কবি’ ৰাম গগৈৰ ২৪ সংখ্যক মৃত্যু বাৰ্ষিকী নামৰূপত উদ্‌যাপন কৰা হৈ গৈছে। ঔদ্যোগিক ভিত্তিক নামৰূপ সমলয় কবি চক্ৰই ৰাম গগৈৰ ২৪ সংখ্যক মৃত্যু বাৰ্ষিকীৰ আয়োজন কৰিছিল। এই উদ্‌যাপন কাৰ্যসূচীৰ আয়োজনত সহযোগ কৰিছিল নামৰূপ কাব্য কাননে।
শ্ৰদ্ধা জ্ঞাপন কাৰ্যসূচী আয়োজন কৰা হৈছিল নামৰূপ বিভিপিচিএল ক্লাবৰ প্ৰেক্ষাগৃহত।
২০১৮-১৯ৰ সাহিত্য পেঞ্চনপ্ৰাপ্ত মুকুট দত্তই জ্ঞানৰ বন্তি প্ৰজ্জলনৰ দ্বাৰা এই কাৰ্যসূচীৰ আয়োজন উদ্বোধন কৰা হয়। সমলয় কবি চক্ৰৰ সাধাৰণ সম্পাদক কাৰ্তিক চন্দ্ৰ তালুকদাৰে এই কাৰ্যসূচীৰ আঁত ধৰিছিল। অনুষ্ঠানত সভাপতিত্ব কৰিছিল ৰূপালী মহন্ত পাটগিৰীয়ে।
বন্তি প্ৰজ্জলনৰ পাছত কবি ৰাম গগৈৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন হিচাপে বিখ্যাত আবৃত্তিকাৰ, সাহিত্যিক জিতুমণি শইকীয়াই সোণালী কবিতা আবৃত্তি কৰিছিল। এই কবিতা আবৃত্তিৰে পৰিৱেশটো কবিগৰাকীৰ স্মৃতিৰে স্মৃতিকাতৰ হৈ পৰিছিল।
ৰাম গগৈৰ স্মৃতিচাৰণ সভাত উপস্থিত আছিল নামৰূপ সাহিত্য সভাৰ সভাপতি মণিকান্ত চেতিয়া, সমাৰোহ সভাপতিৰ সভানেত্ৰী আৰতী শৰ্মা দেৱীয়ে, বিবি মহন্ত, সদৌ অসম কবি সন্মিলনৰ জিলা সভাপতি ৰাজেন বৰা, সমাজকৰ্মী ৰঞ্জিৎ বৰুৱা, বিভিপিএলৰ মুখ্য প্ৰশাসনিক বিষয়া প্ৰণব কুমাৰ ভট্টাচাৰ্যি আদি গণ্য-মান্য ব্যক্তিসকল।

অনুষ্ঠানৰ মাজতে ‘অন্বেষণ’ নামেৰে এখন কাব্যালোচনীও উদ্বোধন কৰা হয়। কাব্যলোচনীখন উন্মোচন কৰে বিভিপিএলৰ উপ মহা প্ৰৱন্ধক (মানৱ সম্পদ) ৰোহিনী কান্ত শৰ্মাই।
‘অন্বেষণ’ৰ সম্পাদনা কৰিছে নহম্মদ ছাজিদ আলীয়ে।
ৰাম গগৈৰ স্মৃতিচাৰণ তথা ২৪ সংখ্যক মৃত্যুবাৰ্ষিকী কাৰ্যসূচীৰ সামৰণি পৰে নামৰূপৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত সংগীত, কবিতা আবৃত্তি, নৃত্য আদি সাংস্কৃতিক কাৰ্যসূচীৰে। তেওঁলোকৰ কেইগৰাকীমান হৈছে বিখ্যাত কবি অণিমা বৰুৱা দেউৰী, স্মৃতিৰেখা কলিতা, অনিতা গগৈ, জ্যোতিৰেখা বেগম, বৰ্ণালী বুঢ়াগোহাঞি, গোপা গোস্বামী ইত্যাদি। তেওঁলোকৰ পৰিৱেশনে সমগ্ৰ পৰিৱেশটো স্মৃতিকাতৰ কৰি তোলে। এই অনুষ্ঠানত নামৰূপৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ৩০০ লোকে যোগদান কৰিছিল।