• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানুহৰ হৃদয়ত যাযাবৰী শিল্পীৰ ঠিকনা! সুধাকণ্ঠৰ মৃত্যু দিৱসত একাঁজলি শ্ৰদ্ধাঞ্জলি

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
November 5, 2022 10:06 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যাযাবৰ হৈও তেওঁ আছিল মানুহৰ শিল্পী। তেওঁৰ সমগ্ৰ জীৱনৰ সৃষ্টিৰাজিত সেয়েহে মানৱতাৰ সুৰ অন্ত:সলিলা ফল্গুৰ দৰে বৈ আছে। ‘মানুহে মানুহৰ বাবে’ জীৱন দৰ্শনৰ মাজেৰে শিল্পীগৰাকীৰ সুদীৰ্ঘ সাংগীতিক যাত্ৰাও সেয়েহে অনন্য তথা স্বকীয় শৈলীৰে উদ্ভাসিত। আজি সেইগৰাকী সুধাকণ্ঠ, অসমীয়াৰ আৱেগ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ একাদ্শ মৃত্যু বাৰ্ষিকী। সমগ্ৰ অসমৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰান্ততো শিল্পীগৰাকীক তেওঁৰ অজস্ৰ অনুৰাগীয়ে সুঁৱৰিছে।

মানৱতা আৰু বিশ্ব ভাতৃত্ববোধৰ ভাৱধাৰাৰে নিজেই অসমীয়াত ৰচনা কৰা আৰু কণ্ঠদান কৰা সুধাকণ্ঠৰ গানসমূহ হিন্দী আৰু বাংলাকে ধৰি বিভিন্ন ভাষালৈ অনুবাদ কৰি পৰিৱেশিত হৈছে। সেয়ে, শিল্পীগৰাকীৰ আদৰ দেশ-বিদেশত বিয়পি ৰৈছে। ভাৰতৰ বাহিৰেও বিশ্বৰ বিভিন্ন প্ৰান্তত বিশেষকৈ বাংলাদেশত সুধাকণ্ঠৰ জনপ্ৰিয়তা অতুলনীয়। সীমাৰ পৰিধি ভাঙি শিল্পীগৰাকীৰ গীতে সৰ্বত্ৰে সৌৰভ বিলাইছে।

অসমৰ জাতীয় জীৱনত অপৰিসীম প্ৰভাৱ পেলোৱা শিল্পী ভূপেন হাজৰিকাই অসমীয়াৰ মনত ৰোপন কৰি যোৱা ‘মোৰ আইক ভালপাঁও বুলিলে জানো, আনৰ আইক ঘিণ কৰাটো বুজাব?’ দৰাচলতে এক বিশ্বজনীন আদৰ্শৰ আধাৰ। বিশ্বায়নৰ আজিৰ দিনত সকলো জাতি-জনগোষ্ঠীয়ে এক সাংস্কৃতিক অৱক্ষয়ৰ শংকাত ভূগি থকাৰ সময়ত সকলোৱে এই ভাৱধাৰাৰে আগবঢ়া উচিত। অৰ্থাৎ নিজৰ সংস্কৃতিৰ প্ৰতি প্ৰগাঢ় অনুৰাগ ৰাখিয়েই বিশ্ব নাগৰিক হোৱাৰ প্ৰয়াস কৰা উচিত।

সুধাকণ্ঠৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ আছিল তেওঁৰ গণ সংযোগ। ইয়াৰ মাধ্যমেৰে তেওঁ বিভিন্ন শ্ৰেণীৰ লোকৰ অন্তৰত প্ৰৱেশ কৰিছিল আৰু অন্তৰ জয় কৰিছিল। সেয়ে, তেওঁ গণ শিল্পী। তেওঁ যেনেকৈ বঞ্চিত, নিপীড়িত জনৰ মনৰ কথা সাৱলীল ৰূপত গানৰ মাজেৰে প্ৰকাশ কৰিছিল, তেনেকৈ বৌদ্ধিক চিন্তা-চেতনাকো গানৰ মাজেৰে তুলি ধৰিছিল। সমাজৰ এনে কোনো স্তৰৰ ব্যক্তি নাই যাৰ মনৰ দিগন্তত শিল্পীগৰাকীয়ে বিচৰণ কৰা নাই।

আৰু জীৱনমুখী গান? ভাৰতীয় আধুনিক সংগীতত জীৱনমুখী গানৰ স্ৰষ্টা আছিল সুধাকণ্ঠ ভূপেন হাজৰিকা। জীৱনক ভালপোৱা, গ্ৰাম্য সমাজৰ নিখুঁত চিত্ৰকাৰ, সুখ-দুখৰ অনুভুতি, অন্তৰাত্মাৰ ব্যথা-আনন্দ আৰু প্ৰকৃতিৰ নিৰ্ভাৰ সৌন্দৰ্যৰ সুৰীয়া অভিব্যক্তি-এই সকলোৰে মূৰ্তমান সুধাকণ্ঠৰ স্মৃতি। লোক সংগীতৰ আধাৰত সৃষ্টি কৰা তেওঁৰ গীতসমূহে এটা চিৰন্তন আবেদন লাভ কৰিছে। অসমীয়া সংগীতত তেওঁৰ এই অতুলনীয় ধাৰাটোৰ ব্যাপক চৰ্চা হোৱাটো অত্যন্ত আদৰণীয় হ’ব।

আজি এই মহান শিল্পীগৰাকীৰ মৃত্যু দিৱসত তেওঁৰ সৃষ্টিৰ সোঁৱৰণেৰে তেওঁৰ গানৰ ‘হাজাৰ শ্ৰোতা’ৰ মন উদ্বেলিত কৰি প্ৰাণ পাই উঠিছে। যাযাবৰী শিল্পীগৰাকী প্ৰতিজন অসমীয়াৰ লগতে বিশ্বৰ অজস্ৰ অনুৰাগীৰ হৃদয়ত যুগ যুগ ধৰি তেওঁৰ অননুকৰণীয় সংগীতৰ লহৰ তুলিব তাত কোনো  সন্দেহ নাই।   

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

September 4, 2025 9:30 pm
ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

September 4, 2025 9:02 pm
নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

September 4, 2025 8:54 pm
বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

September 4, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

September 4, 2025 9:30 pm
ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

September 4, 2025 9:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd